নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ উৰ্ফি জাভেদ-ক ধ*ৰ্ষ*ণৰ ভাবুকি!

২০২১ চনত বিগ বছ অটিটিত এসপ্তাহৰ ভিতৰতে প্ৰথমে বাহিৰ কৰাৰ পৰা আৰম্ভ কৰি এতিয়া ‘দ্য ট্ৰেইটাৰ্ছ’ জয়লৈ

ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ উৰ্ফি জাভেদ-এ ৰিয়েলিট শ্ব’ ‘দ্য ট্ৰেইটাৰ্ছ’ জয় কৰাৰ পিছত ইনষ্টাগ্ৰামত তেওঁৰ প্ৰথম পোষ্ট শ্বেয়াৰ কৰিছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মত উৰ্ফিয়ে তেওঁৰ যাত্ৰাৰ কথা কৈছে— ২০২১ চনত বিগ বছ অটিটিত এসপ্তাহৰ ভিতৰতে প্ৰথমে বাহিৰ কৰাৰ পৰা আৰম্ভ কৰি এতিয়া ‘দ্য ট্ৰেইটাৰ্ছ’ জয়লৈ।

উৰ্ফি জাভেদে বিগ বছ অটিটিৰ পিছৰ পৰা তেওঁৰ ‘সহজ নোহোৱা’ যাত্ৰাৰ কথা কয়। উৰ্ফিয়ে এটা সম্পাদিত ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত আৰম্ভণিতে কৰণ জোহৰে বিগ বছ অটিটিত তেওঁক বাহিৰ কৰাৰ কথা কয়। তাৰ পিছত তেওঁক ‘দ্য ট্ৰেইটাৰ্ছ’ত চিঞৰি কোৱা দেখা গৈছে যে তেওঁ শ্ব’টো জিকিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি উৰ্ফিয়ে স্মৰণ কৰিছে যে বিগত চাৰি বছৰৰ তেওঁৰ যাত্ৰা সহজ নাছিল। তেওঁ কেইবাবাৰো ভাগি পৰিছিল, ভাবুকি পাইছিল আৰু ঘৃণাৰ সন্মুখীন হৈছিল। তেওঁ এইটোও প্ৰকাশ কৰিছে যে বিগ বছ হাউছৰ ভিতৰত পিন্ধিবলৈ তেওঁ কাপোৰ ধাৰলৈ ল’বলগীয়া হৈছিল।

বিগ বছ অটিটিৰ পৰাজয়ৰ পিছত ‘দ্য ট্ৰেইটাৰ্ছ’ জয়ৰ প্ৰথম পোষ্টত সঁহাৰি- ‘ঘৃণাই মোক কেতিয়াও ৰখাব নোৱাৰে’

উৰ্ফিৰ ঘৃণা, মৃত্যু আৰু ধৰ্ষণৰ ভাবুকিৰ কথা তেওঁ বিগত কেইবছৰমানৰ তেওঁৰ যাত্ৰাৰ বিষয়ে মুকলিকৈ কৈছে। “বিগ বছত হাৰি যোৱাৰ পৰা (প্ৰথমে বাহিৰ হোৱা) ‘দ্য ট্ৰেইটাৰ্ছ’ জয়লৈ। যাত্ৰাটো সহজ নাছিল, কিমানবাৰ মই কান্দিছো, কিমানবাৰ ভাগি পৰিছো, সকলো এৰি পলাই যাবলৈ বিচাৰিছো। মৃত্যুৰ, ধৰ্ষণৰ ভাবুকি পাইছো, অনলাইনত ঘৃণা, অফলাইনত ঘৃণা, কিন্তু মই কেতিয়াও ৰখা নাই। হয়তো বিশ্বব্ৰহ্মাণ্ডই জানিছিল যে মোক এইটোৰ প্ৰয়োজন,” তেওঁ লিখিছে।

You might also like