এছিয়ান চেলিব্রিটীৰ শীর্ষত ছুপাৰষ্টাৰ শ্বাহৰুখ খান
🔴গ্রেট ব্রিটেইনৰ সাপ্তাহিক ‘ইষ্টার্ন আই’ৰ ৫০ এছিয়ান চেলিব্রিটীৰ সমীক্ষা
🔴দ্বিতীয়ত আলিয়া ভাট, অমিতাভ বচ্চন ৩৫সংখ্যক স্থানত
বিশেষ বাৰ্তা, ১৫ ডিচেম্বৰঃ গ্রেট ব্রিটেইনৰ সাপ্তাহিক ‘ইষ্টার্ন আই’ৰ ৫০ এছিয়ান চেলিব্রিটীৰ তালিকাত শীর্ষস্থানত বলীউড ছুপাৰষ্টাৰ শ্বাহৰুখ খান৷ ২০২৩ বর্ষত চেলিব্রিটীৰ কৃতিত্ব, কর্মৰাজি আৰু জনসাধাৰণক অনুপ্রাণিত কৰাৰ প্রতি লক্ষ্য ৰাখি ‘ইষ্টার্ন আই’–এ প্রকাশ কৰা বিশ্বৰ ৫০ এছিয়ান চেলিব্রিটীৰ তালিকাত শ্বাহৰুখ খানে শীর্ষস্থান লাভ কৰিছে৷ ২০২৩ বর্ষত হিন্দী ছবি পাঠান আৰু জৱান ব্লকবাষ্টাৰ হোৱাৰ সমান্তৰালকৈ বছৰটোৰ শেষৰফালে মুক্তি পাবলগীয়া ডাংকীৰ আধাৰত শ্বাহৰুখ খানে শীর্ষস্থান পাইছে৷ দ্বিতীয় স্থানত আছে ২০২৩ বর্ষৰ ৰাষ্ট্রীয় চলচ্চিত্রৰ শ্রেষ্ঠ অভিনেত্রীৰ বঁটা লাভ কৰা আলিয়া ভাট৷ বর্ষটোত বলীউড আৰু হলীউডত শক্তিশালী প্রভাৱ পেলাবলৈ সক্ষম হোৱাৰ বাবেই আলিয়া ভাটে দ্বিতীয় স্থান পাইছে৷ ভাৰতৰ লগতে হলীউডত সুখ্যাতি অর্জন কৰা প্রিয়ংকা চোপ্রা জ’নাছে তৃতীয় স্থান পাইছে৷ চলিত বর্ষত বিগ বাজেটৰ চিটাডেলকে ধৰি হলীউডৰ চলচ্চিত্র আৰু মানৱীয় সাহায্যৰ হকে কাম কৰাৰ বাবেই প্রিয়ংকা চোপ্রাই তৃতীয় স্থান লাভ কৰিছে৷ পাঞ্জাবী চলচ্চিত্রৰ তাৰকা, কণ্ঠশিল্পী দিলজিৎ ডোচাঞ্জে চতুর্থ স্থান লাভ কৰিছে৷ গ্রেট ব্রিটেইনৰ তাৰকা গায়ক চার্লি এক্সচিএক্সে পঞ্চম স্থান লাভ কৰাৰ বিপৰীতে বলীউডৰ ছুপাৰষ্টাৰ ৰণবীৰ কাপুৰে ষষ্ঠস্থান লাভ কৰিছে৷ ব্লকবাষ্টাৰ হিট এনিমেলত কৰা অনবদ্য অভিনয়ৰ বাবে এই স্থান পাইছে ৰণবীৰ কাপুৰে৷ কণ্ঠশিল্পী শ্রেয়া ঘোষাল সপ্তম, দক্ষিণৰ ছুপাৰষ্টাৰ বিজয় অষ্টম, পাকিস্তানৰ অভিনেতা ৱাহাজ আলী নৱম আৰু কানাডিয়ান অভিনেত্রী ইমান ভেলানী দশম স্থানত আছে৷ উল্লেখ্য যে ৮১ বছৰীয়া প্রবীণ অভিনেতা বলীউডৰ মহানায়কখ্যাত অভিতাভ বচ্চনে ৩৫সংখ্যক স্থান লাভ কৰিছে৷
#বাৰ্তা ডেস্ক