নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৰ্ফি আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’ব লাগে… কিয় কোনে এইদৰে কলে চাওক এই প্ৰতিবেদন…

বিশেষ বাৰ্তা, ২৮ ডিচেম্বৰঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাক বহু প্ৰবীণ নেতাৰ পৰা চেলিব্ৰিটীলৈকে সমৰ্থন কৰিছে। এই ঠাণ্ডাত মাত্ৰ টি-চাৰ্ট পিন্ধি এখন চহৰৰ পৰা আন এখন চহৰলৈ খোজ কাঢ়িছে ৰাহুল গান্ধীয়ে। এতিয়া ৰাহুল গান্ধীক ঠাট্টা-মস্কৰা কৰাৰ সময়তে বিজেপি কৰ্মীয়ে তেওঁক উৰ্ফি জাভেদৰ লগত তুলনা কৰিছে। অৱশ্যে এই সন্দৰ্ভত বিজেপি কৰ্মীগৰাকীক উৰ্ফীয়েও উপযুক্ত প্ৰত্যুত্তৰ দিছে, যিটো অতি চৰ্চিত। বিজেপি কৰ্মী দীনেশ দেশাই ৰাহুল গান্ধীৰ টি-চাৰ্ট সন্দৰ্ভত টুইট কৰি কয় যে, ‘ঠাণ্ডাত টি-চাৰ্ট পিন্ধিলে যদি ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্য হ’ব পাৰে, তেন্তে উৰ্ফি জাভেদ আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’ব লাগে’। ইয়াৰ সমান্তৰালকৈ দীনেশেও দিছে কৰিছে হাঁহিৰ ইমোজি। ইয়াৰ পিছত উৰ্ফি জাভেদেও এই টুইটত দীনেশ দেশাইক তীব্ৰ মন্তব্যৰে উত্তৰ দিয়ে। ইনষ্টা ষ্ট’ৰীত দীনেশ দেশাইৰ টুইটৰ স্ক্ৰীনশ্বট শ্বেয়াৰ কৰি উৰ্ফি জাভেদে কেপচনত লিখিছে, ‘এইসকল আপোনাৰ ৰাজনীতিবিদ? ভাল কিবা এটা কৰক আপুনি আপোনাৰ কথা প্ৰমাণ কৰিবলৈ নাৰীক অপমান কৰিছে। তেওঁলোকৰ পৰা আমি কেনেকৈ নিৰাপত্তা আশা কৰিব পাৰো? শেহতীয়াকৈ উৰ্ফি জাভেদক এজন ব্যক্তিয়ে ধৰ্ষণ আৰু মৃত্যুৰ ভাবুকি দিছিল, তাৰ পিছত উৰ্ফীয়ে এই বিষয়ত আৰক্ষীক অভিযোগ দিছিল। একে সময়তে উৰ্ফিক ভাবুকি দিয়া ব্যক্তিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গোৰেগাঁও থানাৰ জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শকে জনোৱা মতে, কিছুদিন পূৰ্বে দালাল নবীন গিৰীয়ে হোৱাটছএপৰ জৰিয়তে উৰ্ফীক ধৰ্ষণ আৰু মৃত্যুৰ ভাবুকি দিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্তক। নবীন গিৰীয়ে প্ৰতিবাৰেই নতুন নম্বৰৰ পৰা উৰ্ফি জাভেদক ফোন কৰি ভাবুকি দিছিল। অভিযুক্ত নবীনক গ্ৰেপ্তাৰ কৰাৰ পিছত আই টি আইনৰ ৩৫৪, (ক), ৩৫৪ (ডি), ৫০৯, ৫০৬ ধাৰাত এফআইআৰ ৰুজু কৰি ভাবুকি দিয়া হৈছে। অভিযুক্তক জেলৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

You might also like