নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুবছৰে সম্পূর্ণ নহ’ল অম্বিকাগিৰি নগৰৰ নলা নির্মাণ

জিএমচি কর্তৃপক্ষ–গড়কাপ্ঢা বিভাগৰ বিষয়া–কর্মচাৰীৰ হেমাহি

নিয়মীয়া বাৰ্তা ১২ মাৰ্চঃ স্মার্ট চিটীৰ ৰূপ ল’বলৈ গৈ থকা গুৱাহাটী মহানগৰীৰ সামগ্রিক উন্নয়নৰ দায়িত্বত থকা জি এম ডি এ–জি এম চি কর্তৃপক্ষৰ হেমাহিৰ বাবে উন্নয়নমূলক কাম–কাজত বাধাৰ সৃষ্টি হৈছে৷ মহানগৰীৰ বিভিন্ন পথ–উপপথৰ জৰাজীর্ণ অৱস্থাই যাতায়াতৰ ক্ষেত্রত ৰাইজক জ্বলাকলা কৰি আহিছে৷ ইয়াৰ উপৰি কৃত্রিম বান ৰোধৰ বাবে মহানগৰীৰ বিভিন্ন স্থানত চলি থকা নলা–নর্দমা নির্মাণৰ কাম আধৰুৱা হৈ থকা পৰিলক্ষিত হৈছে৷ বাৰিষাৰ পূর্বে মহানগৰীৰ বিভিন্ন স্থানত চলি থকা নলা–নির্মাণৰ কাম সম্পূর্ণ নহ’লে অঞ্চলবিশেষে কৃত্রিম বানত বুৰ যোৱাৰ সম্ভাৱনা আছে৷ শেহতীয়াকৈ জি এম ডি এ, জি এম চি আৰু গড়কাপ্ঢানী বিভাগৰ বিষয়া–কর্মচাৰীৰ দায়িত্বজ্ঞানহীনতাৰ বাবে অম্বিকাগিৰি নগৰৰ মূল পথটো মেৰামতি আৰু নলা–নর্দমা নির্মাণৰ নামত বিগত এটা বছৰ অঞ্চলবাসীয়ে যাতায়াতৰ ক্ষেত্রত দুর্ভোগ ভুগিবলগীয়া হৈছে৷ অম্বিকাগিৰি নগৰ উন্নয়ন সমিতিৰ সভাপতি তাপস কুমাৰ মিশ্রই লিখিতভাৱে দিয়া অভিযোগ অনুসৰি অম্বিকাগিৰি নগৰৰ মূল পথটোৰ দুয়োকাষে বিগত এটা বছৰ ধৰি নলা–নর্দমা নির্মাণৰ কাম চলি আছে৷ গড়কাপ্ঢানী বিভাগৰ বিষয়া–কর্মচাৰীৰ অদূৰদর্শিতাৰ বাবে ঠিকাদাৰে নলা–নির্মাণত হেমাহি কৰিছে৷ ফলত এটা বছৰে নলা–নির্মাণৰ কাম ঠিকাদাৰে সম্পূর্ণ কৰিব পৰা নাই৷ বাৰিষাৰ সময়ত অম্বিকাগিৰি নগৰৰ মূল পথটোৰ দুয়োকাষে থকা নলাৰ পৰা ওলাই অহা পানীয়ে কৃত্রিম বানৰ সৃষ্টি কৰে৷ নলা দুটাৰ বহন ক্ষমতা বৃদ্ধি কৰি ঠিকাদাৰী প্রতিষ্ঠানে নলাটো নির্মাণ কৰিব লাগিছিল৷ কিন্তু জি এম চি আৰু গড়কাপ্ঢানী বিভাগৰ বিষয়া–কর্মচাৰীৰে গোপন বুজাবুজি কৰি ঠিকাদাৰে নিম্নমানৰ কামেৰে এটা নলা সম্পূর্ণ কৰিছে৷ পথটোৰ আনটো নলা নির্মাণৰ কাম ঠায়ে ঠায়ে আৰম্ভ কৰিছে যদিও সেয়াও এতিয়াও সম্পূর্ণ কৰিব পৰা নাই৷ নিম্নমানৰ পালমৰা কামেৰে অম্বিকাগিৰি নগৰৰ মূল পথটোৰ দুয়োকাষে থকা নলা ঠিকাদাৰে নির্মাণ কৰাত অঞ্চলবাসী ৰাইজে ক্ষোভ প্রকাশ কৰিছে৷ তদুপৰি ঠিকাদাৰে নলা নির্মাণৰ বাবে অনা সা–সামগ্রী পথৰ ওপৰতে ৰখাত যাতায়াতৰ ক্ষেত্রত অসুবিধাৰ সন্মুখীন হৈছে৷ সেয়েহে অম্বিকাগিৰি নগৰ উন্নয়ন সমিতিয়ে এইক্ষেত্রত বিভাগীয় মন্ত্রীৰ হস্তক্ষেপ দাবী কৰিছে৷

You might also like