আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গুৱাহাটীত তেওঁ সন্ধিয়া এখন বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব।
জানিব পৰা মতে, মধ্য গুৱাহাটী সমষ্টিত বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। এই ৰোড শ্ব’ক কেন্দ্ৰ কৰি গুৱাহাটীত ব্যাপক প্ৰস্তুতি চলিছে আৰু বিজেপি কৰ্মী-সমৰ্থকৰ মাজত উত্সাহ দেখা গৈছে।
এই কাৰ্যসূচীয়ে ৰাজ্যৰ নিৰ্বাচনী পৰিস্থিতিত বিশেষ প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে।
ডিজিটেল ডেস্ক, ২৮ মাৰ্চ