নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কটন বিশ্ববিদ্যালয় আৰু আইআইটি গুৱাহাটীৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ

গৱেষণা, শৈক্ষিক আদান-প্ৰদান আৰু যুটীয়া শিক্ষা প্ৰকল্পসমূহ অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে কটন বিশ্ববিদ্যালয় আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আই.আই.টি.) গুৱাহাটীৰ মাজত এখন বুজাবুজি চুক্তি (MoU) স্বাক্ষৰিত হয়। এই চুক্তিয়ে ৰাজ্যৰ এই দুই অগ্ৰণী শিক্ষানুষ্ঠানৰ মাজত ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকৰ আদান-প্ৰদান, যুটীয়া গৱেষণা আৰু উন্নয়নমূলক প্ৰকল্প (R&D), ইণ্টাৰ্নশ্বিপ তথা শৈক্ষিক সহযোগিতা বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা আৰু আই.আই.টি. গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জলিহালৰ উপস্থিতিত এই বুজাবুজি চুক্তিখন আনুষ্ঠানিকভাৱে স্বাক্ষৰিত হয়। অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° হিৰেন ডেকা, অধ্যাপক মঞ্জিত কুমাৰ ভট্টাচাৰ্য আৰু আই.আই.টি. গুৱাহাটীৰ ‘এলুমনাই এণ্ড এক্সটাৰ্ণাল ৰিলেচনচ’ৰ ডীন অধ্যাপক সুমনা দত্তও উপস্থিত থাকে।

এই বুজাবুজি চুক্তিৰ অধীনত কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা হ’ব, যাৰ ভিতৰত আছে: যুটীয়া গৱেষণা আৰু পৰামৰ্শদান প্ৰকল্প, অধ্যয়ন ভ্ৰমণ আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন, শৈক্ষিক অভিজ্ঞতাৰ আদান-প্ৰদান, স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে হ্ৰস্বকালীন ইণ্টাৰ্নশ্বিপৰ সুবিধা ইত্যাদি।

চুক্তিখনৰ এটা উল্লেখযোগ্য দিশ হ’ল যে কোনো ধৰণৰ তাৎক্ষণিক আৰ্থিক বাধ্যবাধকতা নোহোৱাকৈয়ে দুয়োখন প্ৰতিষ্ঠানে শৈক্ষিক কাম-কাজত সহযোগিতা কৰিব পাৰিব।

এই পদক্ষেপক এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে অভিহিত কৰি কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই কয় যে, আই.আই.টি. গুৱাহাটীৰ সৈতে এই অংশীদাৰিত্বই বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰিসৰ বিস্তাৰ কৰিব। এনে সহযোগিতাই শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ লগতে উদ্ভাৱন, উৎকৃষ্ট গৱেষণা আৰু সামগ্ৰিক শৈক্ষিক বিকাশত সহায় কৰিব।

দুয়োখন প্ৰতিষ্ঠানেই মত পোষণ কৰে যে এই চুক্তিয়ে জ্ঞানৰ আদান-প্ৰদান আৰু গৱেষণাৰ মান উন্নত কৰাত সহায় কৰিব। এই চুক্তিখন পাঁচ বছৰৰ বাবে বৈধ থাকিব আৰু পৰৱৰ্তী সময়ত পাৰস্পৰিক সন্মতিৰ ভিত্তিত ইয়াৰ ম্যাদ বৃদ্ধি কৰাৰ থল থাকিব। এই সহযোগিতাই উত্তৰ-পূবৰ শৈক্ষিক ক্ষেত্ৰখনত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

ডিজিটেল ডেস্ক, ২৮ মাৰ্চ

You might also like