নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ভোটগ্ৰহণ : কামাখ্যা-দৌলগোবিন্দ মন্দিৰ সপৰিয়ালে দৰ্শন মুখ্যমন্ত্ৰীৰ

ভোটাধিকাৰ সাব্যস্ত কৰাৰ পূৰ্বে কামাখ্যা মন্দিৰত উপস্থিত হৈ দেৱী মাৰ আশীৰ্বাদ গ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বৃহস্পতিবাৰে অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ ভোটদানৰ পূৰ্বে তেওঁ এই দৰ্শন কৰে। তেওঁৰ সৈতে এই সময়ত উপস্থিত আছিল তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মা, পুত্ৰ নন্দিল বিশ্ব শৰ্মা আৰু কন্যা সুকন্যা শৰ্মা।

ইফালে শ্ৰীশ্ৰীদৌলগোবিন্দ মহাপ্ৰভুৰ শ্ৰীচৰণত ৰাজ্যবাসীৰ সৰ্বতোপ্ৰকাৰৰ সুখ-শান্তি-সমৃদ্ধিৰ কামনাৰ্থে প্ৰাৰ্থনা জনায় মুখ্যমন্ত্ৰী ড০ শৰ্মাই৷

ডিজিটেল ডেস্ক, ৯ এপ্ৰিল

You might also like