নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫০ বছৰৰ বাবে আদানিৰ দখললৈ বৰঝাৰ বিমানবন্দৰ

নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ অসমবাসীৰ বিৰোধিতা নৰজিল৷ আগন্তুক ৫০ বছৰৰ বাবে পুঁজিপতি গৌতম আদানিৰ অধীনস্থ প্রতিষ্ঠান ‘আদানি গ্রুপ’ৰ অধীনলৈ হস্তান্তৰিত হ’ল বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ৷ আজি এই সম্পর্কত প্রতিষ্ঠানটোৰ লগত এয়াৰপ’ট অথ’ৰিটী অৱ ইণ্ডিয়াৰ আনুষ্ঠানিক চুক্তি স্বাক্ষৰিত হয়৷ গুৱাহাটীস্থিত বিমানবন্দৰটোৰ লগতে জয়পুৰ আৰু থিৰুৱনন্তপুৰম বিমানবন্দৰো একে সময়তে আদানি গ্রুপলৈ হস্তান্তৰ কৰা হৈছে৷ উল্লেখ্য যে দেশৰ কেইবাটাও বিমানবন্দৰ ব্যক্তিগতকৰণৰ বাবে আহ্বান কৰা নিবিদা প্রক্রিয়া অনুসৰি এই তিনিটা বিমানবন্দৰৰ লগতে বাংগালুৰু, লক্ষ্ণৌ আৰু আহমেদাবাদ বিমানবন্দৰৰ দায়িত্বও আদানি গ্রুপে লাভ কৰিছে৷ শীঘ্রে মুম্বাই আন্তর্জাতিক বিমানবন্দৰ আৰু নির্মাণ সম্পূর্ণ হ’বলগীয়া নবী মুম্বাই বিমানবন্দৰৰ স্বত্বও একেটা প্রতিষ্ঠানক অর্পণ কৰা হ’ব৷

মঙলবাৰে আদানি গ্রুপলৈ বিমানবন্দৰসমূহ হস্তান্তৰৰ চুক্তি স্বাক্ষৰ হোৱাৰ পাছত এয়াৰপ’ট অথ’ৰিটী অৱ ইণ্ডিয়াৰ অধ্যক্ষ অৰবিন্দ সিঙে কয় যে ব্যক্তিগতকৰণৰ এই পদক্ষেপে আকাশী যাত্রাৰ ক্ষেত্রত ভাৰতক অধিক শক্তিশালী কৰিব৷ ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণৰ বৰঝাৰস্থিত উত্তৰ–পূব মণ্ডলৰ ক্ষেত্রীয় কার্যবাহী সঞ্চালকৰ কার্যালয়ৰ সূত্রই সদৰী কৰা অনুসৰি বিগত ২০২০ বর্ষৰ ১৪ নৱেম্বৰত বৰঝাৰ বিমানবন্দৰটো আদানি গ্রুপলৈ হস্তান্তৰৰ প্রক্রিয়া সম্পন হোৱাৰ কথা আছিল৷ কিন্তু ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে ২৪ মার্চৰ পৰা ২৫ মে’লৈ দুমাহ ধৰি বিমানবন্দৰটো বন্ধ থকাৰ পাছত পুনৰ বিমানসেৱা আৰম্ভ হ’লেও এতিয়াও লকডাউনৰ পূর্বৰ দৰে বিমানসেৱা স্বাভাৱিক নোহোৱাত আদানি গ্রুপলৈ বিমানবন্দৰ হস্তান্তৰ প্রক্রিয়া বিলম্ব হয়৷ কিন্তু বিগত ডিচেম্বৰ মাহত আদানি গ্রুপে পুনৰ বৰঝাৰ বিমানবন্দৰ সন্দর্ভত নতুন নতুন চর্ত আৰোপ কৰি হস্তান্তৰ প্রক্রিয়া আৰম্ভ কৰিবলৈ তৎপৰতা আৰম্ভ কৰে৷ ইয়াৰ অংশ হিচাপে বিমানবন্দৰ চৌহদৰ আৱাসিক এলেকাত থকা সকলো বিষয়া–কর্মচাৰীৰ আৱাস অহা তিনি মাহৰ পৰা ছমাহৰ ভিতৰত খালী কৰিবলৈ ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণৰ জৰিয়তে জাননী প্রদান কৰিছে৷ কিন্তু আৱাস খালী কৰাৰ জাননী জাৰি কৰা বিষয়টো পোহৰলৈ অহাৰ পাছতেই বিষয়া–কর্মচাৰীসক মাজত তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷

এই সন্দর্ভত প্রাধিকৰণৰ ৰাষ্ট্রীয় পর্যায়ৰ কর্মচাৰীসকলৰ শক্তিশালী সংগঠন এয়াৰপ’ট অথ’ৰিটী এমপ্ল’ইজ ইউনিয়ন, চমুকৈ এ এ ই ইউৰ উত্তৰ–পূব মণ্ডলৰ সভাপতি বিজিত দাস আৰু সম্পাদক পৱিত্র দাস, গুৱাহাটী শাখাৰ সভাপতি সুশীল লাল চৌধুৰী আৰু সম্পাদক ৰাজু দাসে আদানি গ্রুপৰ সহায়ক হোৱাকৈ প্রাধিকৰণে আৱাস খালী কৰাৰ যিখন জাননী জাৰি কৰিছে, তাক কোনোপধ্যেই মানি লোৱা নহ’ব বুলি হুংকাৰ দিছে৷ তেওঁলোকে দৰকাৰ হ’লে তীব্র গণতান্ত্রিক আন্দোলন গঢ়ি তোলা হ’ব বুলি সকীয়নি দিছে৷ এ এ ই ইউৰ নেতৃবৃন্দৰ মতে এই জাননী অসমৰ প্রথমগৰাকী মুখ্যমন্ত্রী ভাৰতৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈৰ প্রতিয়ে চৰম অসন্মানজনক৷ ইফালে লীজৰ চর্ত অনুসৰি প্রথমতে আদানি গ্রুপ মালিকানাধীন আদানি এণ্টাৰপ্রাইজ লিমিটেডক (এ ই এল) কেৱল বিমানবন্দৰ পৰিচালনাৰ দায়িত্বহে দিয়া হৈছিল৷ কিন্তু আৱাস খালী কৰা জাননীৰ জৰিয়তে সমগ্র সম্পত্তি ৫০ বছৰীয়া লীজলৈ যোৱাৰ পাছত সেই সম্পত্তিৰ মালিক প্রাধিকৰণৰ সলনি এ ই এল হোৱাটো নিশ্চিত৷ অৱশ্যে শেহতীয়াভাৱে এ এ ই ইউয়ে বিৰোধিতা কৰাৰ পাছত জাননী কার্যকৰীকৰণৰ সময় প্রাধিকৰণে সাময়িকভাৱে স্থগিত ৰাখিছে যদিও বাতিল কৰা নাই৷ অর্থাৎ আজি নহ’লেও কাইলৈ আৱাস খালী কৰি সমগ্র আৱাসিক এলেকাকে ধৰি সমগ্র বিমানবন্দৰ চৌহদ এ ই এলৰ হাতলৈ যোৱাটো নিশ্চিত বুলি এ এ ই ইউয়ে সদৰী কৰিছে৷

You might also like