নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বশিষ্ঠ আৰক্ষীৰ জালত দুৰ্ধৰ্ষ চিলনী চোৰ, উদ্ধাৰ চুৰি ম’বাইল

বশিষ্ঠ আৰক্ষীৰ এক বিশেষ অভিযানত দুজন দুৰ্ধৰ্ষ চিলনী চোৰক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা লোক দুজন হৈছে ৰহমত আলী আৰু ৰাজীৱ কলিতা।

আৰক্ষী সূত্ৰে জনোৱা মতে, এই দুই অভিযুক্তই ৰাজপথত যাতায়াত কৰা লোকসকলৰ বেগ আৰু মোবাইল কাঢ়ি লৈ অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল। বহুদিন ধৰি আৰক্ষীয়ে এই চিলনী চোৰ দুজনৰ সন্ধান চলাই আছিল।

অৱশেষত বশিষ্ঠ আৰক্ষীৰ সুসংগঠিত অভিযানত তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অভিযানৰ সময়ত আৰক্ষীয়ে দুটাকৈ চুৰি মোবাইল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এই ঘটনাৰ সৈতে জড়িত আন কোনো ব্যক্তি আছে নে নাই, সেই বিষয়ে আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।

ডিজিটেল ডেস্ক, ২৩ এপ্ৰিল

You might also like