নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুবছৰৰ ভিতৰতে চীনৰ সৈতে যুদ্ধ আমেৰিকাৰ

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰী: ইউক্রেইনত ৰাছিয়াৰ আগ্রাসন চলি থকাৰ মাজতে আমেৰিকা আৰু চীনৰ মাজত যুদ্ধৰ আশংকাৰ বার্তা দিলে এজন সামৰিক বিশেষজ্ঞই৷ মার্কিন বায়ুসেনাৰ এগৰাকী জেনেৰেলে উল্লেখ কৰিছে যে আগন্তুক দুবছৰৰ ভিতৰত চীনৰ বিৰুদ্ধে যুদ্ধত নামিব লাগিব আমেৰিকাই৷ পেণ্টাগনৰ তৰফৰ পৰা অৱশ্যে এনে ধাৰণাক অগ্রাহ্য কৰা হৈছে৷ কিন্তু জেনেৰেল মাইক মিনিহানৰ মতে বিশ্বৰ দুই মহাশক্তিৰ মাজত যুদ্ধৰ পৰিস্থিতি সৃষ্টি হ’ব পাৰে৷ জেনেৰেলগৰাকীৰ বক্তব্যৰ পাছতে বিশ্বৰ বিভিন্ন সংবাদ মাধ্যমত বিষয়টোক লৈ চর্চা চলিছে৷ মার্কিন বায়ুসেনাৰ এয়াৰ মবিলিটী কমাণ্ডৰ প্রধান জেনেৰেল মাইকৰ অধীনত থকা সেনাৰ সংখ্যা হৈছে ১ লাখ ১০ হাজাৰ৷ মাইকে এই এয়াৰ মবিলিটী কমাণ্ডৰ শীর্ষ নেতৃত্বলৈ লিখিতভাৱে জনাইছে যে বর্তমান দুয়োখন শক্তিশালী দেশৰ মাজত সম্পর্কৰ ধাৰাবাহিক অৱনতি ঘটিছে৷ সম্পর্কৰ এনে অৱনতিৰ বাবেই দুয়োখন দেশৰ মাজত দুবছৰৰ ভিতৰতে ভয়াৱহ যুদ্ধৰ সূচনা হ’ব পাৰে৷ অৱশ্যে আমেৰিকাৰ সামৰিক বিশেষজ্ঞসকলৰ মতে মাইকৰ এনে ধাৰণা প্রতিৰক্ষা বিভাগৰ চিন্তাৰ পৰিপন্থী৷ তথাপি চীনৰ সৈতে যুদ্ধৰ আশংকাক ১০০ শতাংশ উৰুৱাই দিব পৰা নাই প্রতিৰক্ষা দপ্তৰ পেণ্টাগনেও৷

You might also like