নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯ অনূর্ধ্ব ভাৰতীয় মহিলা দলৰ ইতিহাস: ইংলেণ্ডক হৰুৱাই টি–২০ বিশ্বকাপত চেম্পিয়ন ভাৰত

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰী: ইতিহাস গঢ়িলে ভাৰতৰ ১৯ বছৰ অনূর্ধ্ব মহিলা ক্রিকেট দলে৷ প্রথম দল হিচাপে ১৯ বছৰ অনূর্ধ্ব টি–২০ বিশ্বকাপত খিতাপ দখল কৰিলে দলটোৱে৷ ফাইনেলত ইংলেণ্ডক ৭ উইকেটত সহজে পৰাস্ত কৰি ভাৰতে ট্রফী অর্জন কৰে৷ টছত জয়লাভ কৰি প্রথমে বেটিং কৰিবলৈ আমন্ত্রণ লাভ কৰা ইংলেণ্ডে মাত্র ৬৮ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়৷ জয়লাভৰ বাবে প্রয়োজনীয় ৰান সহজে সংগ্রহ কৰে মহিলাৰ যুৱ দলটোৱে৷ ভাৰতৰ ছিনিয়ৰ মহিলা দলে এইপর্যন্ত বিশ্বকাপ জয়ৰ সোৱাদ পোৱা নাই৷ কিন্তু প্রথমবাৰ বিশ্বকাপ খেলাৰ সুযোগ লাভ কৰিয়ে চেম্পিয়ন হয় ১৯ বছৰ অনূর্ধ্ব ভাৰতীয় দলটো৷

উল্লেখ্য যে প্রথমবাৰৰ বাবে আইচিচিয়ে ১৯ অনূর্ধ্ব টি–২০ বিশ্বকাপৰ আয়োজন কৰিছিল৷ প্রতিযোগিতাখনত প্রথমটো দল হিচাপে ভাৰতে খিতাপ অর্জন কৰে৷ প্রতিযোগিতাৰ প্রথমখন মেচৰ পৰাই দুর্দান্ত প্রদর্শনেৰে ভাৰতে বিজয় অভিযান অব্যাহত ৰাখিছিল৷ ছেমিফাইনেলত নিউজিলেণ্ডক পর্যুদস্ত কৰি সমগ্র প্রতিযোগিতাখনত অপৰাজেয় হৈ ৰোৱা ইংলেণ্ডৰ বিৰুদ্ধে ট্রফী জয়ৰ যুঁজত অৱতীর্ণ হৈছিল ভাৰত৷ ফাইনেলৰ পূর্বে ভাৰতীয় শিবিৰক উৎসাহিত কৰিবলৈ উপস্থিত হৈছিল অলিম্পিকৰ স্বর্ণ বিজয়ী নীৰজ চোপ্রা৷ তেওঁৰ সন্মুখতেই ট্রফী জয়ৰ শপত লৈছিল দলৰ অধিনায়ক ছেফালি বার্মাই৷ আজি খেলিবলৈ নামি ভাৰতীয় বলাৰসকলে দুর্দান্ত প্রদর্শন কৰে৷ মাত্র ৬ ৰান ব্যয় কৰি শীর্ষক্রমৰ দুটা উইকেট দখল কৰে টাইটাছ সাধুৱে৷ ছেমিফাইনেলৰ শ্রেষ্ঠ খেলুৱৈ পার্শ্বভি চোপ্রাই   মাত্র ১৩ ৰানত দুটা উইকেট দখল কৰে৷ ইংলেণ্ডৰ কোনো এগৰাকী বেটাৰে দলৰ ভেটি সুদৃঢ় কৰিব নোৱাৰিলে৷ দলটোৰ হৈ সর্বাধিক ১৯ ৰান কৰে মেকড’নাল্ড গেই৷ মাত্র ৫৩ ৰানতে ৮ উইকেট হেৰুওৱা ইংলেণ্ডে শেষপর্যন্ত ১৭.১ অভাৰত ৬৮ ৰান সংগ্রহ কৰে৷ লক্ষ্য সহজ হ’লেও ভাৰতৰ আৰম্ভণি আশাব্যঞ্জক নাছিল৷

অধিনায়ক ছেফালিয়ে সুন্দৰ আৰম্ভণি ঘটালেও ১৫ ৰানতে ৰানআউট হয়৷ আনগৰাকী অ’পেনাৰ শ্বেটা ছেহৰাৱাটেও ৮ ৰান কৰি বিদায় লয়৷ কিন্তু ভাৰতীয় ইনিংছত নির্ভৰতা প্রদান কৰে তৃতীয় উইকেটত সৌমা তিৱাৰী আৰু গোংগাডি তৃষা যুটীয়ে৷ প্রথম ১০ অভাৰত ৪৮ ৰান কৰা ভাৰতৰ সন্মুখত পৰৱর্তী ১০ অভাৰত বিজয়ৰ বাবে লক্ষ্য হৈ পৰে ২১ ৰান৷ গোংগাডিয়ে ২৪ ৰানত বিদায় লোৱাৰ সময়ত ভাৰতক জয়লাভৰ বাবে তিনি ৰানৰ প্রয়োজন আছিল৷ তেওঁ সংগ্রহ কৰে ২৪ ৰান৷ শেষপর্যন্ত ২৪ ৰানত অপৰাজিত থাকে সৌমা৷

উল্লেখ্য যে যোৱাবছৰৰ ফেব্রুৱাৰীত ১৯ বছৰ অনূর্ধ্ব ভাৰতীয় ল’ৰাৰ দলটোৱে বিশ্বকাপত খিতাপ অর্জন কৰিছিল৷ বিশ্ব চেম্পিয়ন ভাৰতীয় দলটোক বিচিচিআইৰ সচিব জয় শ্বাহে অভিনন্দন জনোৱাৰ লগতে ৫ কোটি টকাৰ আর্থিক পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে৷

You might also like