নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২০ ৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হ’ব জেইৰ’ ব’লচোনাৰ’

ব্ৰিকছ বাণিজ্য নেতাসকলক ভাৰতত বিনিয়োগৰ বাবে আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীয়ে

নিউজডেস্ক, ১৫ নৱেম্বৰঃ ২০২০ চনত ভাৰতৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেইৰ’ ব’লচোনাৰ’ৱে । ১১ সংখ্যক ব্ৰিকছ সন্মিলনত অংশ ল’বলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে দেশখনৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি গণৰাজ্য দিৱসলৈ আমন্ত্ৰণ জনাইছিল । ইপিনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা এই নিমন্ত্ৰণ গ্ৰহণ কৰিছে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিগৰাকীয়ে । ইপিনে দুয়োজন নেতাই দেশদুখনৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে বিভিন্ন বিষয়ত আলোচনাত মিলিত হয় ।

উল্লেখ্য যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিকছ সন্মিলনৰ লগত সংগতি ৰাখি ব্ৰিকছ বিজনেছ ফ’ৰামৰ বৈঠকত সম্বোধন কৰে । বিশেষকৈ ব্ৰাজিল, ৰাছিয়া চীন আৰু দক্ষিণ আফ্ৰিকাৰ নেতাসকলক সম্বোধি সন্ত্ৰাসবিৰোধী অভিযান, বাণিজ্য আৰু সাংস্কৃতিক দিশত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় । ইয়াৰোপৰি প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিকছ বাণিজ্য নেতাসকলক ভাৰতত বিনিয়োগৰ বাবে আহ্বান জনায় ।

You might also like