নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিংগাপুৰত ক’ভিড–১৯ত আক্রান্ত ১.৫২ লাখ প্রব্রজিত কর্মী

নিয়মীয়া বাৰ্তা, ‍১৭ ডিচেম্বৰঃ ছিংগাপুৰত প্রব্রজিত কর্মীসকলৰ প্রায় আধাসংখ্যকেই ক’ভিড–১৯ মহামাৰীত আক্রান্ত হৈছে৷ নগৰ ৰাষ্ট্রখনত আমেৰিকান কোম্পানী ফাইজাৰ আৰু জার্মান দৰব প্রস্তুত সংস্থা বায়’এনটেকৰ ভেকচিনলৈ অনুমোদন জনোৱা হৈছে যদিও ক’ভিড–১৯ মহামাৰীয়ে সংহাৰ সৃষ্টি কৰি আছে৷ প্রব্রজিত কর্মীসকলৰ মাজত ক’ভিড–১৯ৰ সংক্রমণ অধিক ভয়াৱহ বুলি দেশখনৰ স্বাস্থ্য মন্ত্রালয়ে সদৰী কৰিছে৷

স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি দেশখনত থকা ৩ লাখ ২০ হাজাৰ প্রব্রজিত কর্মীৰ ১ লাখ ৫২ হাজাৰ ক’ভিড–১৯ত আক্রান্ত হৈছে৷ এই কর্মীসকলে বাস কৰে সমূহীয়া আৱাস বা ডর্মিট’ৰিত৷ লক্ষণীয়ভাৱে এতিয়াও বহু প্রব্রজিত কর্মীৰ ক’ভিড পৰীক্ষা কৰাবলৈ বাকী আছে নগৰ ৰাষ্ট্রখনত৷

You might also like