ইৰান যুদ্ধত ৪২ মার্কিন বিমান ধ্বংস, আমেৰিকাৰ কোষাগাৰৰ ২৯ বিলিয়ন ডলাৰ ব্যয়
ডিজিটেল ডেস্ক, ২২ মে’ : সামৰিক শক্তিত আমেৰিকা আৰু ইৰানৰ পার্থক্য আকাশ–পাতাল৷ ইয়াৰ পিছতো সাম্প্রতিক যুদ্ধত হাবু–ডুবু খাবলগীয়া হৈছে আমেৰিকাই৷ মার্কিন সেনাৰ সদ্যপ্রকাশিত প্রতিবেদনতো এই কথাই প্রমাণিত হ’ল৷
প্রতিবেদনত কোৱা হৈছে যে ২৮ ফেব্রুৱাৰীত আৰম্ভ হোৱা মধ্যপ্রাচ্যৰ যুদ্ধত এই পর্যন্ত ৪২খন মার্কিন যুদ্ধ বিমান ধ্বংস হৈছে৷ ইয়াৰ ভিতৰত ড্র’নো আছে৷ ‘কংগ্রেছনেল ৰিছার্চ ছার্ভিচ’ (চিআৰএছ)ৰ প্রতিবেদনত অৱশ্যে ইৰানৰ প্রত্যাক্রমণৰ উপৰি আন কিছু কাৰণৰ কথাও উল্লেখ কৰিছে৷ মাজতে পেণ্টাগনে জনাইছিল যে ইৰান যুদ্ধৰ ফলত মার্কিন কোষাগাৰৰ পৰা ২৯ বিলিয়ন ডলাৰ ব্যয় হৈছে৷
১২ মে’ত পেণ্টাগনে বিবৃতি দিয়ে যে এই ব্যয়ৰ অধিকাংশ গৈছে যুদ্ধত ক্ষতিগ্রস্ত সামৰিক সৰঞ্জাম মেৰামতিৰ ক্ষেত্রত৷ উল্লেখযোগ্য যে মার্কিন প্রতিৰক্ষা বিভাগে এই পর্যন্ত যুদ্ধকালীন ক্ষয়–ক্ষতিৰ কোনো পূর্ণাংগ পৰিসংখ্যা প্রকাশ কৰা নাই৷ মার্কিন কংগ্রেছ আৰু বিভিন্ন ৰাষ্ট্রীয় কমিটীৰ নীতি নির্ধাৰক সংস্থা চিআৰএছে প্রতিবেদনত প্রতিৰক্ষা বিভাগ আৰু মার্কিন চেন্ট্ৰেল কমাণ্ডৰ বিবৃতি পর্যালোচনা কৰি এই পৰিসংখ্যা আগবঢ়াইছে৷