নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব’ৰ্ডৰ নির্দেশ পুনৰ অমান্য কৰি বিতৰ্কত অর্শদীপ সিং

ডিজিটেল ডেস্ক, ২২ মে’ : আকৌ এবাৰ বিতর্কত লিপ্ত হৈছে অর্শদীপ সিং৷ এইবাৰ প্রেয়সীৰ সৈতে পঞ্জাব কিংছৰ দলীয় বাছত উঠি হোটেললৈ ৰাওনা হয়৷ ইয়াৰ পিছতে আৰম্ভ হৈছে বিতর্ক৷ বাৰে বাৰে ব’ৰ্ডৰ নির্দেশ অমান্য কৰি থকাত বহুতে তেওঁক শাস্তি বিহাৰো দাবী জনাইছে৷

চলিত আইপিএলৰ গ্রুপ পর্যায়ৰ অন্তিমখন মেচ খেলিবলৈ লক্ষ্ণৌলৈ গৈছে পঞ্জাব৷ বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত দেখা গ’ল অর্শদীপৰ লগত তেওঁৰ প্রেমিকা, অভিনেত্রী আৰু মডেল সমৰীণ কৌৰ৷ অর্শদীপৰ সৈতে দলীয় বাছত উঠি সমৰীণ হোটেললৈ ৰাওনা হয়৷ এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷

বহুতৰ মতে, যেতিয়া ব’র্ডে স্পষ্ট কৰি দিছে যে প্রেমিকা বা পত্নীক কোনোধৰণে ক্রিকেটাৰৰ লগত ৰাখিব নোৱাৰি, তাৰ পিছতো অর্শদীপে প্রেমিকাৰ সৈতে দলীয় বাছত কেনেকৈ উঠিব পাৰিলে? ব’ৰ্ডৰ নির্দেশনা মানি চলাটো সকলোৰে কর্তব্য৷ অৱশ্যে এই বিষয়ত ব’ৰ্ড আৰু অর্শদীপে কোনো মন্তব্য কৰা নাই৷

You might also like