আশ্চর্য : ৮৭ কোটি টকাত বিক্রী এটা হেণ্ডবেগ
🔹 ১০ মিনিটত ৯ নিলামকাৰীৰ মাজত যুঁজ
নিউজ ডেস্ক, ১২ জুলাই : এটা বেগ কিমান টকাত নিলাম হ’ব পাৰে৷ অ’জি বিৰকিন বেগ এটা নিলামত বিক্রী হোৱা ধনে চকু কপালত তুলিছে৷ আশ্চর্য যেন লগা এক নিলাম৷ ১০ মিনিটত ৯জন নিলামকাৰীৰ যুঁজত অ’জি বিৰকিন বেগ এটা ভাৰতীয় মূল্যত ৮৭ কোটি টকাত বিক্রী হৈছে৷ ৮৭ কোটি টকাত নিলাম হোৱা হেণ্ডবেগটো প্রখ্যাত এংলো ফৰাছী অভিনেত্রী জেন বিৰকিনৰ কাৰণে তৈয়াৰ কৰা হৈছিল৷
প্রয়াত অভিনেত্রীগৰাকীৰ কাৰণে তৈয়াৰ কৰা অ’জি বিৰকিন হেণ্ড বেগটো জাপানৰ এজন ব্যক্তিগত সংগ্রহকাৰীৰ হাতৰ পৰা টেলিফোনযোগে নিলামত বিক্রী কৰা হৈছে৷ জাপানৰ ছথেবাঈৰ গ্লেবেল হেড অৱ হেণ্ডবেগছ এণ্ড ফেছনৰ মর্গেন হালিমীয়ে অ’জি বিৰকিন বেগটো নিলামক বিশ্বৰ বিলাসী ফেশ্বনৰ গুৰুত্বপূর্ণ মাইলৰ খুঁটি বুলি অভিহিত কৰিছে৷
মর্গেন হালিমীয়ে কয়– অ’জি বিৰকিন বেগটোৰ বিক্রী প্রকৃততে জেন বিৰকিনৰ জনপ্রিয়তা আৰু তেওঁৰ উদ্যমক উদযাপন কৰা বুজাইছে৷ অভিনেত্রী জেন বিৰকিনে উল্লিখিত বেগটো ১৯৮৫ চনৰ পৰা ১৯৯৪ চনলৈকে ব্যৱহাৰ কৰিছিল৷ অভিনেত্রীগৰাকীৰ দৈনন্দিন জীৱনত হেণ্ডবেগটো এক ষ্টাইল হৈ পৰিছিল৷ বেগটো হার্মছ নামৰ ডিজাইনাৰ এগৰাকীয়ে ডিজাইন কৰিছিল৷ অভিনেত্রীগৰাকীয়ে ব্যৱহাৰ কৰা বেগটো ইতিহাসত সবাতোকৈ আকর্ষণীয় বেগ হিচাপে পৰিগণিত হৈছে৷ হার্মছে ডিজাইন কৰা বিৰকিন বেগ বিশ্বজুৰি চেলিব্রেটিয়ে ব্যৱহাৰ কৰি আহিছে৷ ব্যয়বহুল এই বেগটো ডিজাইনৰ লগতে ইয়াত ব্যৱহাৰ কৰা সামগ্রীসমূহো মূল্যৱান৷ এই বিৰকিন বেগ ভিক্টোৰিয়া বেকহাম, কিম কিয়দর্শীয়ান, নীতা আম্বানিকে ধৰি ভাৰতৰ কেইবাগৰাকীও চেলিব্রেটী অভিনেত্রীয়ে ব্যৱহাৰ কৰে৷