নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০ হাজাৰ কোটি লোকচান আম্বানিৰ, ৪ ধন কুবেৰ গোষ্ঠীয়ে হেৰুৱালে ৮৬ হাজাৰ কোটি

নিউজ ডেস্ক, ৮ এপ্রিলঃ ভাৰতৰ ধনকুবেৰৰ বিত্ত বজাৰত কঁপনি তুলিলে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ ‘শুল্ক বাণ’–এ৷ ট্রাম্পৰ শুল্ক বাণত কার্যতঃ খহি পৰিছে দেশৰ শ্বেয়াৰ বজাৰ৷ শ্বেয়াৰ বজাৰৰ এই দুর্দশাক ১৯৮৭ চনৰ ‘ব্লেক মানডে’’ৰ সৈতে তুলনা কৰিছে বিশ্লেষকসকলে৷ বজাৰৰ এই চৰম দুর্দশাত চূড়ান্ত ক্ষতিগ্রস্ত হৈছে দেশৰ চাৰিগৰাকী ধনকুবেৰ৷ তথ্য অনুসৰি মুকেশ আম্বানি, গৌতম আদানি, সাবিত্রী জিন্দাল আৰু শিৱ নাদাৰ এই চাৰি উদ্যোগপতিৰ বজাৰৰ পতনৰ ফলত যৌথভাৱে লোকচান হৈছে ১০ বিলিয়ন ডলাৰ৷ অর্থাৎ ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ৮৬ হাজাৰ কোটি টকা৷ ইয়াৰ ভিতৰত আম্বানি গোষ্ঠীৰ ক্ষতি হৈছে ৩০ হাজাৰ কোটি টকা৷ ট্রাম্পৰ শুল্ক নীতিৰ ফলত শ্বেয়াৰ বজাৰত অভাৱনীয় পতন দেখিবলৈ পোৱা যাব সেয়া পূর্বেই আশংকা কৰা হৈছিল৷ অকল ভাৰতেই নহয়, বিশ্বৰ শ্বেয়াৰ বজাৰত ট্রাম্পৰ এই শুল্ক নীতিয়ে তীব্র জোকাৰণি তুলিব বুলি আশংকা কৰিছিল বিশেষজ্ঞসকলে৷ বজাৰ খোলাৰ লগে লগে প্রায় ৪ হাজাৰ পইণ্ট পৰি যায় ছেনছেক্সৰ সূচক৷ সেইদৰে নিফ্টিৰ সূচকৰ অৱনতি ঘটে এহাজাৰ পইণ্ট৷ লক্ষণীয়ভাৱে মাত্র কেইটামান ছেকেণ্ডৰ ভিতৰতে ভাৰতৰ শ্বেয়াৰ বজাৰত আজি বিনিয়োগকাৰীসকলৰ ১৯ লাখ কোটি টকা লোকচান হৈছে৷ এই বিৰাট ক্ষতিৰ পৰা ৰেহাই পোৱা নাই ফ’বছৰ ৰিয়েল–টাইম বিলিয়নেয়াৰৰ তালিকাত থকা ভাৰতৰ ৪ শীর্ষ উদ্যোগপতি৷ প্রতিবেদন অনুসৰি ৰিলায়েঞ্চ ইণ্ডাষ্ট্রিজৰ শ্বেয়াৰমেন তথা ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানিৰ সম্পদৰ পৰিমাণ কমিছে আটাইতকৈ বেছি৷ ৩.৬ বিলিয়ন ডলাৰ হ্রাস পাই আম্বানিৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছেগৈ ৮৭.৭ বিলিয়ন ডলাৰ৷ সেইদৰে ৩ বিলিয়ন ডলাৰ সম্পত্তিৰ ক্ষতি হৈছে আদানি গ্রুপৰ মুৰব্বী গৌতম আদানি৷ বর্তমান গৌতম আদানিৰ সম্পত্তিৰ পৰিমাণ হ্রাস পাইছে ৫৭.৩ বিলিয়ন ডলাৰলৈ৷ অ’ পি জিন্দাল গোষ্ঠীৰ মুৰব্বী তথা তেওঁৰ পৰিয়ালৰ সম্পত্তিৰ পৰিমাণ হ্রাস পাইছে ২.২ বিলিয়ন ডলাৰ৷ বর্তমান জিন্দাল গোষ্ঠীৰ সম্পত্তি ৩৩.৯ বিলিয়ন ডলাৰ৷ এই মুহূর্তত বিশ্বৰ ধনীৰ তালিকাত ৪৫ নম্বৰলৈ অৱনমিত হৈছে জিন্দাল গোষ্ঠী৷ ইয়াৰ লগতে এইচ চি এল টেক’লজিছৰ প্রতিষ্ঠাতা শিৱ নাদাৰৰ সম্পত্তি হ্রাস পাইছে ১.৫ বিলিয়ন ডলাৰ৷ বর্তমান নাদাৰৰ সম্পত্তি ৩০.৯ বিলিয়ন ডলাৰ৷

You might also like