নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আম্বানী-পুত্ৰৰ বিবাহ অনুষ্ঠান : জামনগৰত নিশাৰ ভিতৰতে আন্তৰ্জাতিক বিমানবন্দৰ

বিশেষ বাৰ্তা, ৩ মাৰ্চ : জামনগৰ বিমানবন্দৰ ১০ দিনৰ বাবে আন্তৰ্জাতিক বিমানবন্দৰলৈ ৰূপান্তৰিত কৰা হ’ল। ভাৰতীয় বায়ুসেনাই ব্যৱহাৰ কৰা পাকিস্তান সীমান্তত থকা বিমানবন্দৰটোত মুকেশ আম্বানীৰ পুত্ৰ অনন্তৰ প্ৰি-ৱেডিং উপলক্ষে ১০ দিনৰ বাবে আন্তৰ্জাতিক বিমান যাত্ৰাৰ অনুমতি দিয়া হয়। স্বাভাৱিকতে কংগ্ৰেছে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকে দাবী কৰে যে মোদী চৰকাৰে পুঁজিপতি বন্ধুৰ পক্ষ লৈ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত আপোচ কৰিছে। আম্বানী-পুত্ৰৰ বিবাহ অনুষ্ঠানলৈ দেশ-বিদেশৰ বিভিন্নগৰাকী তাৰকাক নিমন্ত্ৰণ জনোৱা হৈছে। আমন্ত্ৰিতসকলৰ ভিতৰত আছে বিল গেটছ, মাৰ্ক জুকাৰবাৰ্গ, ইভাংকা ট্ৰাম্প। পপ তাৰকা ৰিহানাও আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত সীমান্তত থকা কৌশলগতভাৱে গুৰুত্বপূৰ্ণ জামনগৰ বিমানবন্দৰত দেশী-বিদেশী অতিথিৰ বিমান যাত্ৰাৰ সুবিধা প্ৰদান কৰা হৈছে। যাত্ৰীসকলৰ সুবিধাৰ্থে বিমানবন্দৰটোৰ পৰিসৰো বৃদ্ধি কৰা হৈছে। ৱাশ্বৰুমসমূহৰো ব্যাপক সংস্কাৰ কৰা হৈছে। ইমিগ্ৰেচন, শুল্ক বিভাগো আৰম্ভ কৰা হৈছে। মুঠতে বিমানবন্দৰটোত ব্যস্ততা বৃদ্ধি পাইছে। যাত্ৰীৰ সুৰক্ষা আৰু আৰামৰ কথালৈ লক্ষ্য ৰাখি কৰ্মচাৰীৰ সংখ্যাও বৃদ্ধি কৰা হৈছে। সূত্ৰ অনুসৰি, শুকুৰবাৰে জামনগৰ বিমানবন্দৰত কমেও ১৪০খন বিমানে অৱতৰণ কৰিছে।

You might also like