নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত ভ্রমণৰত স্পেনিছ মহিলা পর্যটকক দলবদ্ধ বলাৎকাৰ, ৩ নৰপিশাচক গ্রেপ্তাৰ

বিশেষ বাৰ্তা, ৩ মার্চ : স্বামীৰ সৈতে বাইকত ভ্রমণৰত স্পেনিছ মহিলা পর্যটক এগৰাকীক ঝাৰখণ্ডত দলবদ্ধ ধর্ষণৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিৱৰণী মতে, ঝাৰখণ্ডৰ ডুমকা জিলাৰ হন্সদিহা অঞ্চলত স্বামীৰ সৈতে ভ্রমণ কৰি থকা মহিলা পর্যটকগৰাকীয়ে পৰহি নিশা বজাৰৰ এটুকুৰা নির্জন স্থানত অস্থায়ী তম্বুত শুই থকা অৱস্থাতে দলবদ্ধ বলাৎকাৰৰ বলি হয়৷ আৰক্ষীয়ে এই ঘটনা সন্দর্ভত স্পেনিছ দম্পতীৰ অভিযোগৰ ভিত্তিত ৩ নৰপিশাচক গ্রেপ্তাৰ কৰিছে৷ মহকুমা আৰক্ষী বিষয়া সন্তোষ কুমাৰে প্রকাশ কৰা মতে, পর্যটক মহিলা দম্পতীয়ে বাইকেৰে ডুমকা হৈ বিহাৰৰ ভাগলপুৰলৈ গৈ আছিল৷ ডুমকাৰ হন্সদিহা বজাৰৰ সমীপত এটুকুৰা ঠাইত নিশাটো কটাবৰ বাবে অস্থায়ী তম্বু টানে৷ এই তম্বুত নিশা কটাই থকাৰ সময়তে তিনি ব্যক্তিয়ে মহিলাগৰাকীক বলাৎকাৰ কৰে৷ মহিলাগৰাকীক বলাৎকাৰ কৰা ৩ নৰপিশাচে পুৰুষজনক প্রহাৰ কৰে৷ বর্তমান প্রহৃত পুৰুষজন চিকিৎসালয়ত ভর্তি হৈ আছে৷ আৰক্ষীয়ে ঘটনা সন্দর্ভত তদন্ত জোৰদাৰ কৰি তুলিছে৷ মন কৰিবলগীয়া যে বাংলাদেশৰ পৰা বাইকেৰে ডুমকালৈ অহা দম্পতীটোৰ বিহাৰ হৈ নেপাললৈ যোৱাৰ পৰিকল্পনা আছে৷ গ্রেপ্তাৰ কৰা ৩ নৰপিশাচৰ পৰিচয় আৰক্ষীয়ে এতিয়ালৈকে প্রকাশ কৰা নাই৷ উল্লেখ্য যে ঝাৰখণ্ডত বিদেশী মহিলা পর্যটক দলবদ্ধ বলাৎকাৰৰ বলি হোৱা ঘটনাই ৰাজ্যখনৰ শান্তি–শৃংখলাজনিত পৰিস্থিতিৰ প্রতিও আঙুলি টোঁৱাইছে৷

You might also like