হৰমুজ উদ্ধাৰৰ লক্ষ্যৰে মধ্যপ্রাচ্যৰ দিশে ধাৱমান আমেৰিকাৰ ‘জল দানৱ’ ট্রিপলী
ডিজিটেল ডেস্ক, ২২ মার্চ : ইৰানৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰি হৰমুজ প্রণালীক লৈ শ’লঠেকত পৰিছে আমেৰিকা৷ বিশ্বৰ প্রায় ২৫ শতাংশ তেল যোগানৰ পথ বন্ধ হৈ পৰাত ট্রাম্পৰ ওপৰত বিশ্বৰ অধিকাংশ দেশ ক্ষুব্ধ হৈ পৰিছে৷ যুদ্ধংদেহি মনোভাবত থাকিলেও এই অৱস্থাত আমেৰিকাৰ ৰাষ্ট্রপতিগৰাকী অস্বস্তিত পৰিবলগীয়া হৈছে৷
ইফালে, ইৰানৰ প্রতিশোধৰ ফলত আমেৰিকাৰ ক্ষতিৰ পৰিমাণো দিনকদিনে বৃদ্ধি পাইছে৷ এনে পৰিস্থিতিত আমেৰিকাই ‘জল দানৱ’ ইউএছএছ ট্রিপলীক মধ্যপ্রাচ্যলৈ প্রেৰণ কৰি হৰমুজ উদ্ধাৰৰ লগতে ইৰানৰ ওপৰত তীব্র আক্রমণৰ পৰিকল্পনা কৰিছে৷ উপগ্রহৰ ছবিত দেখা পোৱা মতে দক্ষিণ চীন সাগৰৰ পৰা মধ্যপ্রাচ্য অভিমুখী ইউএছএছ ট্রিপলীৰ কাষে কাষে দুখন যুদ্ধ জাহাজ ধাৱমান হৈছে৷ ২২–২৩ মার্চত এই জাহাজখন গন্তব্যস্থানত উপনীত হ’ব৷
বর্তমান মধ্যপ্রাচ্যত আব্রাহম লিংকন বিমানবাহী জাহাজ থকাৰ পিছতো আমেৰিকাই ইৰানক ৪০০০ নৌসেনা, দুখন যুদ্ধ জাহাজকে ধৰি অসংখ্য যুদ্ধ বিমান, হেলিকপ্টাৰ আৰু অত্যাধুনিক অস্ত্রৰে আক্রমণৰ পৰিকল্পনা ৰচনা কৰিছে৷ ত্রিপলীৰ বিশেষত্ব হ’ল- ই আমেৰিকাৰ এবিধ উভচৰ জল দানৱ, যিখন বিশেষভাৱে বিমান আক্রমণ আৰু আমেৰিকাৰ অভিজাত মেৰাইন যুঁজাৰু বিমানৰ বাবে নির্মাণ কৰা হৈছে৷ ৮৮৮ ফুট দীঘল বিমানখনত এফ–৩৫ বি লাইটনিং, ম’ভ ২২ অস্প্রে’ আদি আক্রমণাত্মক হেলিকপ্টাৰেৰে সমৃদ্ধ৷