সোমবাৰে (২৩ মাৰ্চ) নলবাৰী জিলাৰ তিনিওটা বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ক্ৰমে নলবাৰী সমষ্টিৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, টিহু সমষ্টিৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বৰক্ষেত্ৰী সমষ্টিৰ বাবে জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকাই জিলা ৰিটাৰ্নিং বিষয়াৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰিব। উল্লেখ্য যে নলবাৰী জিলাৰ তিনিওটা সমষ্টিয়ে বিজেপিৰ সুৰক্ষিত সমষ্টি হিচাপে বিবেচিত হৈ আহিছে।
সমষ্টি তিনিটাৰ ৰাইজে বিচৰা ধৰণে বিজেপি দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই জয়ন্ত মল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী আৰু নাৰায়ণ ডেকাক প্ৰাৰ্থিত্ব প্ৰদান কৰাত দলীয় কাৰ্যকৰ্তা তথা ভোটাৰ ৰাইজ উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। তিনিওটা সমষ্টিতে দলীয় প্ৰাৰ্থীক অভিলেখসংখ্যক ভোটেৰে জয়যুক্ত কৰিবলৈ সমষ্টিয়ে সমষ্টিয়ে দলৰ কাৰ্যকৰ্তাসকলে ব্যাপক তৎপৰতা চলাই আহিছে।
তিনিওটা সমষ্টিৰ ১২টা মণ্ডল সমিতিৰ উদ্যোগত বুথ সমিতি, পৃষ্ঠাপ্ৰমুখ, শক্তিকেন্দ্ৰ, মণ্ডল প্ৰভাৰী, বুথ প্ৰভাৰী, পঞ্চায়ত প্ৰভাৰী, সহ প্ৰভাৰীসকলে সমষ্টি তিনিটাৰ চুকে-কোণে ব্যাপক প্ৰচাৰ চলাই আহিছে।
সোমবাৰে তিনিওটা সমষ্টিৰ লক্ষাধিক দলীয় সমৰ্থক তথা কাৰ্যকৰ্তাই বাইক ৰেলী, টেম্পো, ই-ৰিক্সা, সৰু সৰু গাড়ীৰে সমদল কৰি পুৱা ১০ বজাত নলবাৰী গৰ্ডন স্কুল খেলপথাৰত উপস্থিত হ’ব। তাৰ পিছতে নাগাৰা নাম দল, বেণ্ডপাৰ্টী, ঢুলীয়া পাৰ্টী, বিহুনৃত্যৰ উপৰি বিভিন্ন লোকশিল্পীয়ে বিভিন্ন কাৰ্যসূচী প্ৰদৰ্শনেৰে সমদল কৰি শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানত উপস্থিত হৈ দিনৰ ১২ বজাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নতুনকৈ নিৰ্মাণ কৰা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিব ভাৰতীয় জনতা পাৰ্টীৰ শক্তিশালী প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী আৰু নাৰায়ণ ডেকাই।
ইতিমধ্যে নলবাৰী জিলাৰ ১২খন মণ্ডল সমিতিয়ে লক্ষাধিক দলীয় কাৰ্যকৰ্তা তথা সমৰ্থক লৈ সম্পূৰ্ণ সাজু হৈ আছে বুলি জানিবলৈ দিয়ে ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী জিলা সমিতিৰ সভাপতি জয়ন্ত কুমাৰ বুজৰবৰুৱাই।
নিয়মীয়া বাৰ্তা, ঘগ্ৰাপাৰ, ২১ মাৰ্চ :