নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ এনড্ৰিউ হিক্সক শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় সৃষ্টিকৰ্তা বঁটা নৰেন্দ্ৰ মোদীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ মাৰ্চঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে নতুন দিল্লীৰ ভাৰত মণ্ডপামত ২৩জন লোকক ‘ৰাষ্ট্ৰীয় সৃষ্টিকৰ্তা বঁটা’ প্ৰদান কৰে। ছ’চিয়েল মিডিয়াত কন্টেন্ট তৈয়াৰ কৰাসকলৰ বাবে ভাৰত চৰকাৰে এই বঁটা আৰম্ভ কৰিছে। বঁটা বিজয়ীসকলৰ ভিতৰত এটা নাম আছে যিয়ে সকলোৰে মনত কৌতূহলৰ সৃষ্টি কৰি আছে। সেয়া হৈছে এনড্ৰিউ হিক্সৰ নাম। যদিও এনড্ৰিউ হিক্স এজন আমেৰিকান, ভাৰতত উন্নত কন্টেন্ট তৈয়াৰ কৰাৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হৈছে। তেওঁ লাভ কৰিছে ‘শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় সৃষ্টিকৰ্তা’ বঁটা। এই বঁটা লাভ কৰাৰ পিছত হিক্সে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে তেওঁ নিজৰ কামেৰে মানুহক সুখী আৰু ভাৰতক গৌৰৱান্বিত কৰিব বিচাৰে। হিন্দী-মৈথিলীৰ উপৰি এনড্ৰিউ ভোজপুৰীতো পাকৈত আৰু তিনিওটাতে ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ বাবে চুটি ভিডিঅ’ নিৰ্মাণ কৰে। তেওঁৰ সকলো ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হয়। হিক্স ভাৰতীয় ভাষাৰ উচ্চাৰণ এক নিৰ্দিষ্ট শৈলীৰ বাবে জনাজাত। ইনষ্টাগ্ৰামত তেওঁৰ প্ৰায় ৯ লাখ ফ’ল’ৱাৰ আছে আৰু তেওঁৰ ভিডিঅ’সমূহে লাখ লাখ ভিউ লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়া তেওঁক হিন্দী আৰু ভোজপুৰী ভাষাৰ প্ৰতি আগ্ৰহৰ বিষয়ে সোধাত হিক্সে কয় যে তেওঁ বাৰাণসীত বহু সময় কটাবলগীয়া হৈছিল যেতিয়া তেওঁৰ পিতৃয়ে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত পঢ়ি আছিল। হিক্সে কয় যে তেওঁৰ পিতৃ পাটনাত মিথিলা পেইন্টিঙৰ ব্যৱসায়ৰ সৈতেও জড়িত আছিল, যাৰ বাবে তেওঁ কিছুদিন বিহাৰৰ ৰাজধানীত বসবাস কৰাৰ সুযোগ পাইছিল। হিক্সে কৈছিল যে শৈশৱৰ পিছত মই আমেৰিকালৈ উভতি গ’লোঁ, কিন্তু আমেৰিকাৰ দৰে অনুভৱ হোৱা নাছিল। মই অনুভৱ কৰিছিলো যে সোনকালে ঘৰলৈ উভতি যাব লাগিব, গতিকে মই আকৌ ভাৰতলৈ আহিলোঁ। এতিয়া ভাৰতৰ পৰা আমেৰিকালৈ আৰু আমেৰিকাৰ পৰা ভাৰতলৈ অহা-যোৱা মানুহৰ অহৰহ সোঁত।

You might also like