নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফগানিস্তানত ৩৯ নিৰীহক হত্যা কৰিছিল অষ্ট্রেলিয়াৰ সেনাই

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ আফগান যুদ্ধত অষ্ট্রেলিয়ান বাহিনীয়ে নির্বিচাৰভাৱে ৩৯গৰাকী অসামৰিক লোকক হত্যা কৰিছিল৷ এই সন্দর্ভত প্রামাণিক তথ্য পোৱা গৈছে৷ অষ্ট্রেলিয়ান প্রতিৰক্ষা বাহিনী (এডিএফ)ৰ এক বিবৃতিত সদৰী কৰা হৈছে এই তথ্য৷ এডিএফে বিগত চাৰি বছৰ ধৰি এই বিষয়টো সন্দর্ভত তদন্ত চলাইছিল৷ ২০০৯ৰ পৰা ২০১৩ চনলৈ আফগানিস্তানত নিয়োজিত হৈ থকা অষ্ট্রেলিয়ান বাহিনীৰ ১৯গৰাকী সৈনিকে নির্বিচাৰভাৱে বন্দী, কৃষক নাইবা অন্য অসামৰিক লোকক হত্যা কৰিছিল৷ এই ১৯গৰাকী সৈনিকৰ কেইবাজনেও ইতিমধ্যে চাখন্দ্রইৰৰ পৰা অৱসৰ গ্রহণ কৰিছে৷

লক্ষণীয়ভাৱে এই ঘটনাৰ তদন্ত কৰিছিল মেজৰ জেনেৰেল জাষ্টিন পল ব্রেৰেটনে৷ তদন্তকালত চাৰি শতাধিক প্রত্যক্ষদর্শীৰ সাক্ষ্য গ্রহণ কৰিছে সেনা বিষয়াগৰাকীয়ে৷ এডিএফে ১৯গৰাকী সৈনিকৰ বিৰুদ্ধে আৰক্ষীক তদন্ত চলোৱাৰ যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈও আহ্বান জনাইছে৷ স্মর্তব্য যে আফগানিস্তানত বিদেশী বাহিনীয়ে নিৰীহ লোকক হত্যা কৰাৰ অভিযোগ বাৰে বাৰে উত্থাপন কৰি আহিছে মানৱ অধিকাৰ সংস্থাসমূহে৷

You might also like