Pahalgam Attack : অযোধ্যাত বাবৰি মছজিদ নিৰ্মাণৰ উদ্ভট মন্তব্য, ভাৰতৰ প্রত্যাঘাতৰ আশংকাত ত্ৰস্ত পাক
অযোধ্যাত নতুন বাবৰি মছজিদ নিৰ্মাণ কৰিব পাকিস্তানৰ সশস্ত্ৰ বাহিনীয়ে, ভাৰতৰ প্রত্যাঘাতৰ আশংকাত কঁপিছে পাকিস্তান
নিউজ ডেস্ক, ১ মে’ : পাকিস্তানৰ সাংসদ পালৱাছা খানে দাবী কৰিছে যে দেশৰ সেনাই অযোধ্যাত নতুন বাবৰি মছজিদ নিৰ্মাণ কৰিব।
পেহেলগাম আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা জ্বলি উঠাৰ সময়তে ভাইৰেল হৈ পৰে পাকিস্তানী সাংসদ পালৱাছা মহম্মদ জাই খানে অযোধ্যাত নতুন বাবৰি মছজিদ নিৰ্মাণ কৰিব পাকিস্তানৰ সশস্ত্ৰ বাহিনীয়ে।
২৯ এপ্ৰিলত পাকিস্তানৰ উচ্চ সদনত সাংসদ খানৰ ভাষণত তেওঁ কয়, “অযোধ্যাত নতুন বাবৰি মছজিদ নিৰ্মাণ কৰিব পাকিস্তান সেনা জোৱানে, আৰু প্ৰথম আজান দিব পাক সেনাপ্ৰধান অসীম মুনিৰে নিজেই।”
উল্লেখ্য যে পেহেলগামত ২৬গৰাকী লোক ধৰ্মীয় দৃষ্টিকোণেৰে বাছি বাছি হত্যা কৰিছিল পাক মদতপুষ্ট সন্ত্ৰাসবাদী সংগঠনে। তাৰ পিছৰে ভাৰতৰ প্ৰতিশোধৰ অগনিত ত্ৰস্ত পাকিস্তান। কিন্তু তাৰ মাজতে এগৰাকী জনপ্ৰতিনিধিৰ এনে মন্তব্য বিচাৰ্যৰ বিষয়।
আনহাতে অলপতে ভাৰতে সিন্ধু জল চুক্তি বাতিল কৰি সিন্ধুৰ পানী বন্ধ কৰা সন্দৰ্ভত বিলোৱাৰ ভূট্টোৱে হয় পানী এৰক নহলে ভাৰতত তেজৰ নদী বব বুলি চৰম উচটনি মূলক ব্যক্তব্য দিছিল।
ইফালে ভাৰতৰ প্রত্যাঘাতৰ আশংকাত কঁপিছে পাকিস্তান৷ পেহেলগামৰ নৰঘাতক পাক সন্ত্রাসবাদীৰ বিৰুদ্ধে ভাৰতে ৰণনীতি চূড়ান্ত কৰাৰ পিছত স্বয়ং পাকিস্তানৰ তথ্যমন্ত্রী আট্টাউল্লা তাৰাৰে ২৪–৩৬ ঘণ্টাৰ ভিতৰত ভাৰতে পাকিস্তানৰ ভিতৰত সামৰিক অভিযান আৰম্ভ কৰিব বুলি দাবী কৰিছে৷
তথ্যমন্ত্রী আট্টাউল্লা তাৰাৰে নির্ভৰযোগ্য চোৰাংচোৱাৰ সূত্রত ভাৰতে আক্রমণ কৰিব বুলি দাবী কৰি দেশলৈ সতর্ক বার্তা জাৰি কৰিছে৷ ভাৰতে পাকিস্তানৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰিব পাৰে বুলি মন্ত্রীগৰাকীয়ে দাবী কৰাৰ পিছতে দেশখনত একপ্রকাৰ শংকাৰ পৰিৱেশ সৃষ্টি হৈছে৷ তিনি সশস্ত্র বাহিনীক ভাৰতৰ আক্রমণক প্রত্যাহ্বান জনাবলৈ সতর্ক আৰু সাজু হৈ থাকিবলৈ নির্দেশ দিয়া হৈছে৷
ইছলামাবাদ, লাহোৰক উৰণ নিষিদ্ধ অঞ্চল হিচাপে ঘোষণা কৰা হৈছে৷ ভাৰতৰ আক্রমণৰ প্রতি সতর্ক হৈ থকাৰ লগতে দুই মে’লৈ আকাশমার্গত কঠোৰ নজৰদাৰীৰ সিদ্ধান্ত লৈছে পাক সেনাই৷ তথ্যমন্ত্রীগৰাকীয়ে আনকি সামাজিক মাধ্যমযোগে ভাৰতক একধৰণৰ সকীয়নি দি দুই পাৰমাণৱিক শক্তিসম্পন্ন দেশৰ মাজত যুদ্ধ হ’লে অঞ্চলটো ভয়াৱহ ক্ষতিৰ সন্মুখীন হ’ব বুলি উল্লেখ কৰি ইয়াৰ বাবে ভাৰতেই জগৰীয়া হ’ব বুলিও কয়৷ পাকিস্তানৰ সার্বভৌমত্ব আৰু ভূ–খণ্ডৰ সংহতি যিকোনো উপায়েৰে ৰক্ষা কৰিব বুলিও ভিডিঅ’ বার্তাযোগে ভাৰতলৈ সকীয়নি দিয়ে৷
উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পাক সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ ভাৰতৰ তিনি সেনা বাহিনীক ফ্রীহেণ্ড দিয়াৰ পিছতেই দেশৰ তিনি সেনা স্থল, জল আৰু বায়ুসেনা সাজু হৈ উঠিছে৷ একাউণ্টযোগে নৌসেনা আৰু বায়ুসেনাই প্রস্তুত হোৱা বুলি প্রচাৰ কৰিছে৷