নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৰেন্দ্র মোদীৰ বিকল্প কোন

অষ্টাদশ লোকসভা নির্বাচনত বিজয়ধ্বজা উৰুৱাই দিল্লীৰ ৰাজপাট দখল কৰিবলৈ দেশজুৰি ৰাজনৈতিক যুঁজ আৰম্ভ হৈছে৷ একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ শাসনভাৰ সুৰক্ষিত কৰিবলৈ বিজেপি নেতৃত্বাধীন এনডিএই তৎপৰতা গ্রহণ কৰাৰ সমানে কংগ্রেছ নেতৃত্বাধীন ইণ্ডি মর্চায়ো ৰাজনৈতিক অভিযান আৰম্ভ কৰিছে৷ বিজেপিয়ে এইবাৰ লোকসভা নির্বাচনত অকলেই ৩৭০খন আসন আৰু এনডিএৰ অংশীদাৰ দলসমূহে মুঠ চাৰি শতাধিক আসন লাভ কৰিব বুলি দাবী কৰিছে৷ চলিত লোকসভা নির্বাচন দেশৰ বাবে অতিকৈ গুৰুত্বপূর্ণ৷ মাথোঁ ৰাজনৈতিক দিশতে নহয়, অর্থনৈতিক আৰু বৈদেশিক সম্পর্ক সুদৃঢ় কৰাৰ ক্ষেত্রত চলিত নির্বাচনৰ ফলাফলৰ ওপৰত দেশৰ সামগ্রিক ভৱিষ্যৎ বহু পৰিমাণে নির্ভৰ কৰিব৷ চলিত নির্বাচনৰ জৰিয়তে বিজেপি নেতৃত্বাধীন এনডিএই পুনৰ ক্ষমতাত অধিষ্ঠিত হ’ব বুলি নিশ্চিত হৈ আছে৷ শাসকীয় দলটোৱে এইবাৰ ‘মোদী কী গেৰাণ্টী’ৰ শ্লোগানেৰে নির্বাচনী যুঁজত নামিছে৷ বিগত দুটা কার্যকালৰ বিকাশৰ খতিয়ানক ভৰসা কৰিয়ে মোদীক তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রীৰ আসনত অধিষ্ঠিত কৰাৰ বাবে বিজেপি আৰু এনডিএৰ অংশীদাৰ দলসমূহে সংকল্প লৈছে৷ চলিত নির্বাচনত বিজেপিয়ে দেশৰ মহিলা, যুৱক–যুৱতী, কৃষক আৰু শ্রমিকসকলৰ জনসমর্থন লাভ কৰাৰ আশা কৰিছে৷ এইক্ষেত্রত দৰিদ্র মহিলাসকলক ১ লাখ টকাকৈ সাহয্য, নতুন চৰকাৰী নিযুক্তিত মহিলাসকলৰ বাবে ৫০ শতাংশ সংৰক্ষণ, আশা আৰু মধ্যাহ্ণ ভোজন কর্মীৰ দৰমহা দুগুণ কৰাকে ধৰি বিভিন্ন প্রতিশ্রুতি প্রদান কৰা হৈছে৷ একেদৰে যুৱক–যুৱতীসকলৰ বাবেও প্রধানমন্ত্রী মোদীয়ে চৰকাৰী নিযুক্তি আৰু কর্মসংস্থাপন প্রদানৰ ক্ষেত্রত বিশেষ প্রতিশ্রুতি প্রদান কৰিছে৷ কেন্দ্রীয় চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা ৩০ লাখ চাকৰিত মেধাভিত্তিক স্বচ্ছতাৰে নিযুক্তি প্রদানৰ লগতে ২৫ বছৰ অনূর্ধ্বৰ স্নাতক শিক্ষার্থীক এবছৰীয়া নিযুক্তি প্রদানৰ প্রতিশ্রুতি দিয়া হৈছে৷ ইয়াৰ উপৰি ষ্টার্টআপৰ অধীনত ৫ হাজাৰ কোটি টকাৰে দেশৰ যুৱক–যুৱতীক কর্মসংস্থাপনৰ পথ মুকলিৰ প্রতিশ্রুতি দিয়া হৈছে৷ কৃষকসকলৰ বাবে এইবাৰ বিশেষ গেৰাণ্টী প্রদান কৰিছে বিজেপিয়ে৷ মোদী কি গেৰাণ্টীৰ অধীনত কৃষকসকলৰ বাবে এমএছপিৰ ওপৰত আইনী গেৰাণ্টী দিয়াৰ কথা কোৱা হৈছে৷ কৃষিজাত সামগ্রীৰ ওপৰত জিএছটি মুক্ত কৰাৰ প্রতিশ্রুতি প্রদান কৰাৰ লগতে কৃষিজাত সামগ্রীৰ অনুকূল আমদানি আৰু ৰপ্তানি নীতি প্রণয়ন কৰাৰ প্রতিশ্রুতিও দিয়া হৈছে৷ দেশৰ শ্রমিকসকলৰ বাবেও এইবাৰ বিজেপিয়ে বিশেষ প্রতিশ্রুতি প্রদান কৰিছে৷ ৰাষ্ট্রীয় ন্যূনতম মজুৰি ১৭২ টকাৰ পৰা ৪০০ টকালৈ বৃদ্ধি কৰাৰ প্রতিশ্রুতি দিয়া হৈছে৷ এনে ব্যৱস্থাৰ অধীনত এমজি এনৰেগাকে ধৰি বিভিন্ন আঁচনিত নিয়োজিত শ্রমিকসকল লাভৱান হ’ব৷ ইয়াৰ উপৰি শ্রমিকসকলক সার্বজনীন স্বাস্থ্যসেৱা আৱৰণৰ অধীনত অন্তর্ভুক্ত কৰিবলৈ অনানুষ্ঠানিক খণ্ডৰ শ্রমিকসকলৰ বাবে জীৱন আৰু দুর্ঘটনা বীমাৰ অভিলাষী আঁচনি গ্রহণৰ প্রতিশ্রুতিও মোদী কি গেৰাণ্টীত অন্তর্ভুক্ত হৈছে৷
২০১৪ৰ লোকসভা নির্বাচনত দেশজুৰি বলা পৰিৱর্তনৰ ৰাজনৈতিক ধুমুহাত তচনচ হৈছিল শতিকাপুৰণি কংগ্রেছৰ ভেটি৷ অভূতপূর্ব জনসমর্থনেৰে দিল্লীৰ ৰাজপাটত অধিষ্ঠিত প্রধানমন্ত্রী মোদীৰ নেতৃত্বত বিগত ১০ বছৰে বিজেপিৰ শক্তি অধিক শক্তিশালী হৈছে৷ মোদীৰ সুদৃঢ় ৰাজনৈতিক পৰিপক্বতাৰ বাবে দেশৰ অধিকাংশ ৰাজ্যতে বিজেপিয়ে শাসনত অধিষ্ঠিত হোৱাৰ সুযোগ পাইছে৷ বিজেপিৰ এনে সাফল্যৰ অন্তৰালত আছে ৰাজ্যভিত্তিক আঞ্চলিক দলসমূহৰ স’তে মিত্রতা৷ দেশে স্বাধীনতা লাভ কৰাৰ পিছত ৰাজ্যভিত্তিক জন্ম হোৱা ৰাজনৈতিক শক্তি তথা আঞ্চলিক দলসমূহক কংগ্রেছে দীর্ঘকাল উপেক্ষা কৰি আহিছে৷ ৰাষ্ট্রীয় ৰাজনীতিত নিজকে সর্বেসর্বা জ্ঞান কৰি কংগ্রেছে আঞ্চলিক দলসমূহক নিঃশেষ কৰাৰো চক্রান্ত চলাইছিল৷ ৮০ দশকৰ পিছত দেশৰ ৰাজনীতিত ৰাষ্ট্রীয় দলৰ একাধিপত্যৰ অৱসান হোৱাৰ লগে লগে ৰাজ্যভিত্তিক আঞ্চলিক দলসমূহৰ উত্থান লক্ষণীয় হৈছিল৷ বিগত দুটা দশকত দেশজুৰি আঞ্চলিক দলসমূহ বিভিন্ন প্রত্যাহ্বানৰ সন্মুখীন হ’লেও আঞ্চলিক ৰাজনীতিৰ ভেটি এতিয়াও নির্বাচনত নির্ণায়ক হৈয়ে আছে৷ দেশৰ ৰাজ্যভিত্তিক গঠিত আঞ্চলিক দলসমূহৰ স’তে নিহিত হৈ আছে খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ আৱেগ–অনুভূতি৷ বিগত সময়ছোৱাত দেশৰ আঞ্চলিক ৰাজনৈতিক দলসমূহক এনডিএৰ অংশীদাৰ কৰি বিজেপিয়ে খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ সমর্থনৰ ভেটি শক্তিশালী কৰিবলৈ সক্ষম হৈছে৷ অসমতো অসম গণ পৰিষদ, ইউপিপিএল, গণশক্তিকে ধৰি জনগোষ্ঠীয় দল–সংগঠনৰ স’তেও বিজেপিয়ে জোঁটবন্ধনৰ ৰাজনীতিৰে নতুন অধ্যায়ৰ সূচনা কৰিছে৷ বিগত ১০ বছৰৰ ৰাজনীতিৰ ছবিখন দেখিলেই এই কথাই স্পষ্ট হয় যে বিজেপিৰ দৰে শক্তিধৰ দলটোক প্রতিহত কৰাৰ বাবে কংগ্রেছ তথা বিৰোধী দলৰ অৱস্থা তেনেই নিশকতীয়া৷ লোকসভা নির্বাচনত বিজেপিক প্রতিহত কৰা যে সম্ভৱ নহয় সেয়া কংগ্রেছ তথা বিৰোধী নেতাসকলে বুজি উঠিছে৷ মোদীৰ নেতৃত্বত বিজেপিৰ অপ্রতিৰোধ্য যাত্রা প্রতিৰোধ কৰিবলৈ কংগ্রেছৰ নেতৃত্বত ইণ্ডি মর্চা গঠন হৈছিল যদিও ক্ষমতাৰ অংকত বিৰোধী মর্চাটোৰ অৱস্থাও এতিয়া পুতৌজনক হৈছে৷ ইণ্ডি মর্চাৰ অংশীদাৰ বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে ইতিমধ্যে এনডিএৰ অংশীদাৰ হৈছে৷ কংগ্রেছৰ বুজনসংখ্যক নেতাই বিজেপিত যোগদান কৰিছে৷ পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছ আৰু দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপ দলে নিজাববীয়াকৈ যুঁজত নামিছে৷ মহাৰাষ্ট্রত কংগ্রেছ নেতৃত্বাধীন চৰকাৰৰ পতন ঘটাই শিৱসেনাৰ নেতা একনাথ সিন্দেই এনডিএৰ অংশীদাৰ হৈছে৷ সমগ্র দেশৰ ভিতৰত তুলনামূলকভাৱে দুর্বল দক্ষিণৰ ৰাজ্যসমূহতো এইবাৰ বিজেপিয়ে সাফল্য লাভ কৰিব বুলি বিশিষ্ট নির্বাচনী পর্যবেক্ষক প্রশান্ত কিশোৰে ভৱিষ্যদ্বাণী কৰিছে৷ বিজেপি তথা এনডিএই প্রধানমন্ত্রী পদত মোদীক প্রক্ষেপ কৰি আক্রমণাত্মক স্থিতিৰে যুঁজত নমাৰ বিপৰীতে কংগ্রেছ তথা ইণ্ডি মর্চাই এতিয়ালৈ প্রধানমন্ত্রীৰ উপযুক্ত প্রার্থীজনক বাছনি কৰিব পৰা নাই৷ দেশৰ ৰাজনীতিত এতিয়াও বহুধাবিভক্ত হৈয়ে আছে বিৰোধী শিবিৰ৷ এনে পৰিস্থিতিত দেশৰ প্রধানমন্ত্রীৰ আসনখনত নৰেন্দ্র মোদীৰ বিকল্প যে নাই সেয়া স্পষ্ট হৈছে৷

You might also like