নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হায়দৰাবাদৰ নাম ভাগ্যনগৰলৈ সলনি কৰাৰ মন যোগী আদিত্য নাথৰ

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ তেলেংগানাৰ ৰাজধানী তথা ৰাজ্যখনৰ একমাত্র অর্থনৈতিক ইঞ্জিন হিচাপে চিহ্ণিত হায়দৰাবাদত আগন্তুক পৌৰ নিগমৰ নির্বাচনক লৈ প্রায়বোৰ ৰাজনৈতিক দলৰ ৰথী–মহাৰথীসকলে চলাইছে প্রচাৰ৷ বৃহত্তৰ হায়দৰাবাদ পৌৰ নিগম (জি এইচ এম চি)ৰ আগন্তুক নির্বাচন অনুষ্ঠিত হ’ব ১ ডিচেম্বৰত৷ বিজেপিৰ নেতা অমিত শ্বাহ, যোগী আদিত্য নাথকে ধৰি ৰথী–মহাৰথীসকলে এই নির্বাচনত বিজয়ৰ বাবে চলাইছে প্রচাৰ৷ সেইদৰে কংগ্রেছ, শাসকীয় তেলেংগানা ৰাষ্ট্র সমিতি (টি আৰ এছ) আদি প্রতিটো দলেই এই নির্বাচনত প্রচাৰ তীব্রতৰ কৰিছে৷

কালি উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথে উল্লেখ কৰে যে হায়দৰাবাদৰ পৌৰ নির্বাচনত বিজেপি জয়ী হ’লে মহানগৰখনৰ নাম ভাগ্যনগৰ ৰখা হ’ব৷ ইয়াৰ পিছতেই আজি এ আই এম আই এমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে আদিত্য নাথক উভতি ধৰি কৈছে যে হায়দৰাবাদৰ নাম সলনি কৰিব বিচৰাসকলৰ গোটেই প্রজন্মটোৱেই শেষ যাব, কিন্তু মহানগৰখনৰ নাম সলনি কৰাটো সম্ভৱ নহ’ব৷

লক্ষণীয়ভাৱে যোগী আদিত্য নাথে কালি এক সমাৱেশত ভাষণ দি হায়দৰাবাদৰ একাংশ লোকে মহানগৰখনৰ নাম পুনৰ ভাগ্য নগৰ ৰাখিব লাগে বুলি মত প্রকাশ কৰাৰ কথা উল্লেখ কৰিছিল৷ ওৱেইছিৰ মতে হায়দৰাবাদৰ কোনো নাগৰিকে আজিলৈকে চহৰখনৰ নাম সলনি কৰাৰ কথা উল্লেখ কৰা নাই৷ এনে পৰিস্থিতিত আদিত্য নাথে মিছাৰ আশ্রয় লৈ চহৰখনৰ নাম সলনি কৰাৰ প্রসংগ উত্থাপন কৰাটো লজ্জাজনক বুলিও অভিহিত কৰিছে ওৱেইছিয়ে৷

You might also like