গর্ভৱতী ৰবটে প্রসৱ কৰিব পাৰিব মানুহৰ সন্তান, বিশ্বৰ প্রথম মহিলা ৰবট বিকশিত কৰি চমকপ্রদ উদ্ভাৱন চীনৰ
নিউজ ডেস্ক, ২২ আগষ্ট : বিশ্বৰ প্রথম মহিলা ৰবট বিকশিত কৰি চমকপ্রদ উদ্ভাৱনেৰে বিজ্ঞানৰ জয়যাত্রাক নতুন গতি প্রদান কৰিব চীনে৷ কৃত্রিম বুদ্ধিমত্তাই মানৱ জাতিৰ বাবে প্রত্যাহ্বান নমাই অনাৰ সময়তে এইবাৰ মানুহৰ সন্তান জন্ম দিব পৰা ক্ষমতাসম্পন্ন মহিলা ৰবট উদ্ভাৱন চীনৰ৷
চীনৰ বিজ্ঞানীয়ে বিকশিত কৰা বিশ্বৰ প্রথম মানৱীয় ৰবটে গর্ভধাৰণ কৰাৰ লগতে সন্তান প্রসৱ কৰিব পাৰিব৷ গুৱাঞ্জুৰ কাইৱা টেকন’লজীৰ বিজ্ঞানী ড০ ছাং কুইফেঙৰ নেতৃত্বত গৱেষকৰ দলটোৱে মানৱীয় ৰবট বিকশিত কৰিবলৈ সক্ষম হৈছে৷ এই ৰবটে গর্ভধাৰণ কৰিব পাৰিব৷ গর্ভধাৰণৰ সক্ষম হোৱাৰ পিছত ৰবটটোৱে সন্তান প্রসৱ কৰিব৷
চীনৰ সংবাদ মাধ্যমত প্রকাশ পোৱা মতে, গৱেষকৰ দলটোৱে বিকশিত কৰা মহিলা ৰবটটোৱে গর্ভধাৰণৰ সম্পূর্ণ প্রক্রিয়া সফলতাৰে আগবঢ়াই নিয়াৰ ক্ষেত্রত সক্ষম হ’ব৷ ৰবটৰ শৰীৰত ভ্রূণ স্থাপন কৰাৰ পিছত এই ভ্রূণটোৱে পূর্ণ পর্যায় পাব৷ কৃত্রিম প্রক্রিয়াৰে গর্ভধাৰণৰ বাবে সকলো প্রক্রিয়াক আগবঢ়াই নি সন্তান এটি জন্ম দিয়ালৈকে ৰবটটোক সক্ষম কৰি তুলিছে গৱেষকৰ দলটোৱে৷ গৱেষণা অন্তিম পর্যায়ত আহি পৰা এই চমকপ্রদ উদ্ভাৱন ২০২৬ চনত ৰাজহুৱা হ’ব বুলিও চীনৰ সংবাদ পত্রত প্রকাশ পাইছে৷ প্রজনন প্রযুক্তিত বৈপ্লৱিক পদক্ষেপ চীনৰ৷ যিটো বিষয়ে সম্প্রতি বিজ্ঞানী মহলৰ মাজত ব্যাপক চর্চা হৈছে৷