ড’নাল্ড ট্রাম্পৰ ঘোষণাৰ পিছতেই দাম কমিল অপৰিশোধিত তেলৰ
ডিজিটেল ডেস্ক, ২৪ মার্চ : মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ ঘোষণাৰ পিছতেই সোমবাৰে আন্তঃৰাষ্ট্রীয় বজাৰত হ্রাস পালে তেলৰ দাম৷ ব্রেণ্ট অপৰিশোধিত তেলৰ প্রতি বেৰেলৰ দাম হ’ল ৯৬ মার্কিন ডলাৰ৷ ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ৮,৯০০ টকা৷ দিনটোৰ আৰম্ভণিতে এক বেৰেল অপৰিশোধিত তেলৰ দাম আছিল ১১৪ মার্কিন ডলাৰ৷ ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ১০,৬০০ টকা অর্থাৎ ট্রাম্পৰ ঘোষণাৰ পিছতেই এক ব্রেণ্ট অপৰিশোধিত তেলৰ দাম কমিল ১৫ শতাংশ৷
উল্লেখযোগ্য যে পশ্চিম এছিয়াত চলি থকা সংঘাতৰ পৰিপ্রেক্ষিতত আন্তঃৰাষ্ট্রীয় বজাৰত বহুখিনি বৃদ্ধি পাইছিল অপৰিশোধিত তেলৰ দাম৷ আনহাতে, ইউএছ ৱেষ্ট টেক্সাছ ইণ্টাৰমিডিয়েটত প্রতি বেৰেল অপৰিশোধিত তেলৰ দাম কমিছে প্রায় ১৩.৫ শতাংশ৷ এক বেৰেল তেলৰ দাম হৈছে ৮৫.২৮ মার্কিন ডলাৰ৷ ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ৭,৯০০ টকা৷
ট্রাম্পে সোমবাৰে জনায় যে ইৰানৰ সৈতে খুব ভাল আৰু ফলপ্রসূ আলোচনা আৰম্ভ হৈছে৷ তথাপি মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে সতর্ক কৰি দিছে যে আক্রমণ বন্ধ ৰখাৰ সিদ্ধান্ত সাময়িক৷ আলোচনাৰ গতি আৰু ফলাফলৰ ওপৰত নির্ভৰ কৰি গ্রহণ কৰা পদক্ষেপৰ ফলতেই কিছু কমিছে অপৰিশোধিত তেলৰ দাম৷