নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় চৰকাৰী কর্মীৰ ডিএ বৃদ্ধি পাব ৩ শতাংশ !

বিশেষ বাৰ্তা, ৭ আগষ্ট : কেন্দ্রীয় চৰকাৰী কর্মচাৰীসকলৰ মৰগীয়া বানচ বা ডি এ বৃদ্ধি কৰা হ’ব পাৰে৷ শীঘ্রে এই ঘোষণা কৰিব পাৰে নৰেন্দ্র মোদী চৰকাৰে৷ কালি চৰকাৰী সূত্রই এই কথা সদৰী কৰিছে৷ ১ কোটিৰো অধিক কর্মচাৰীৰ ডি এ ৩ শতাংশ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে৷ বর্তমান কেন্দ্রীয় চৰকাৰী কর্মচাৰীসকলৰ ডি এৰ পৰিমাণ হৈছে ৪২ শতাংশ৷ নতুনকৈ ৩ শতাংশ বৃদ্ধি হ’লে সেয়া হ’ব ৪৫ শতাংশ৷ কর্মী আৰু পেন্সনভোগীসকলৰ ডি এ নির্ধাৰণ কৰা হয় উপভোক্তা মূল্য সূচকৰ ওপৰত ভিত্তি কৰি৷ শ্রম মন্ত্রণালয়ৰ ‘লেবাৰ ব্যুৰো’ৱে প্রতিমাহে এই সূচক প্রকাশ কৰে৷ অল ইণ্ডিয়া ৰে’লৱেমেন ফেডাৰেচনৰ সাধাৰণ সম্পাদক শিৱগোপাল মিশ্রই সংবাদ সংস্থা পি টি আইক জনোৱা অনুসৰি চৰকাৰৰ তৰফৰ পৰা ৩ শতাংশ ডি এ বৃদ্ধি কৰাৰ চিন্তা–চর্চা চলাইছে ৷

You might also like