নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফগানিস্তানত প্রলয়ংকৰী বানত ২০০ৰ মৃত্যু

🔹 ৰাষ্ট্রসংঘৰ প্রব্রজন সম্পর্কিত আন্তর্জাতিক সংগঠনে সদৰী কৰিলে তথ্য
🔹 কেইবাজনো লোক সন্ধানহীন : সহস্রাধিক বাসগৃহ সমূলঞ্চে বিধ্বস্ত

বিশেষ বাৰ্তা, ১২ মে’ : প্রবল বৰষুণৰ ফলত সৃষ্ট প্রলয়ংকৰী বানত আফগানিস্তানত অতি কমেও ২০০ লোকৰ মৃত্যু ঘটিছে৷ ৰাষ্ট্রসংঘৰ প্রব্রজন সম্পর্কিত আন্তর্জাতিক সংগঠনে সদৰী কৰা তথ্য অনুসৰি, আফগানিস্তানৰ বাঘলান প্রদেশতে প্রলয়ংকৰী বানত কেইবাসহস্র বাসগৃহ সমূলঞ্চে বিধ্বস্ত হৈছে৷ এই বানত ২০০তকৈ অধিক লোকৰ মৃত্যু ঘটিছে৷ আন কেইবাজনো লোক সন্ধানহীন হৈ আছে৷ শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা প্রবল বৰষুণৰ ফলত শনিবাৰে প্রদেশখন প্রলয়ংকৰী বানৰ কবলত পৰে৷ এই বানৰ ফলত ডেৰ সহস্র বাসগৃহ পানীৰ কোবাল সোঁতত উটি যায়৷ এই সোঁততেই কেইবাজনো লোক সন্ধানহীন হৈ আছে৷ তালিবান চৰকাৰে প্রকাশ কৰা মতে, শুকুৰবাৰে নিশাতেই ৬২জন লোকৰ মৃত্যু ঘটিছিল৷ বাকীখিনি লোকৰ আজি পুৱাৰ ভাগত মৃত্যু ঘটা বুলি জানিব পৰা গৈছে৷ বাঘলান প্রদেশৰ উপৰি আন কেইবাখনো প্রদেশতো বানৰ প্রভাৱ পৰিছে৷ অৱশ্যে এতিয়ালৈকে এই প্রদেশকেইখনত হতাহত আৰু ক্ষতিগ্রস্তৰ তথ্য প্রকাশ হোৱা নাই৷ বাদাখস্থান আৰু ঘোৰ প্রদেশতো প্রলয়ংকৰী বানে কেইবাটাও অঞ্চল বুৰাই পেলাইছে৷ মন কৰিবলগীয়া যে জলবায়ু পৰিৱর্তনৰ বাবে খৰাং হৈ থাকিবলগীয়া আফগানিস্তানত অনাকাংক্ষিত প্রবল বৰষুণে প্রলয়ংকৰী বানৰ সৃষ্টি কৰিছে বুলি বতৰ বিজ্ঞান বিভাগে তথ্যত প্রকাশ কৰিছে৷

You might also like