নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰানৰ হিটলিষ্টত উপসাগৰীয় দেশৰ ৮ প্রধান সেতু, আমেৰিকা-ইজৰাইলক প্রত্যাহ্বান

ডিজিটেল ডেস্ক, ৪ এপ্রিল : আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া বাহিনীয়ে যোৱা ২৮ ফেব্রুৱাৰীত ইৰানৰ ওপৰত আক্রমণ চলোৱাৰ পিছত দুয়োপক্ষৰ মাজৰ আক্রমণ–প্রত্যাক্রমণ এমাহ অতিক্রম কৰাৰ পিছতো যুদ্ধৰ উন্মাদনা হ্রাস পোৱা নাই৷ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক প্রত্যাহ্বান জনাই ইৰানে এইবাৰ উপসাগৰীয় অঞ্চলৰ ৮খন গুৰুত্বপূর্ণ সেতুৰ এখন হিটলিষ্ট যুগুত কৰিছে৷

ইৰানৰ আটাইতকৈ দীর্ঘতম সেতু বি–১ত আমেৰিকা আৰু ইজৰাইলে যুটীয়া আক্রমণ চলোৱাৰ কেইঘণ্টামানৰ ভিতৰতে এই সেতুকেইখনৰ মানচিত্র আৰু তালিকা প্রকাশ কৰি দুয়োখন দেশকে প্রত্যাহ্বান জনালে ইৰানে৷ ইৰানৰ অর্ধচৰকাৰী সংবাদ মাধ্যমে এই বাতৰি প্রকাশ কৰি সেই তালিকা আৰু ছবিসমূহো উল্লেখ কৰিছে৷

উল্লেখ্য যে বৃহস্পতিবাৰে ইৰানৰ কাৰাজত থকা দেশখনৰ আটাইতকৈ গুৰুত্বপূর্ণ আৰু দীঘলীয়া সেতু বি–১ত বোমাবর্ষণ কৰে ইজৰাইল আৰু আমেৰিকাই৷ সেতুখনত আক্রমণৰ ভিডিঅ’ প্রকাশ কৰি ৰাষ্ট্রপতি ট্রাম্পে সাৱধানবাণী শুনায় যে এতিয়াও সময় আছে, নহ’লে ইয়াতকৈও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ব৷ কেৱল ইমানতেই ক্ষান্ত নাথাকি মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে ইয়াৰ পিছত ইৰানৰ শক্তি কেন্দ্রসমূহকো লক্ষ্য কৰি লোৱা হ’ব বুলি সাৱধানবাণী শুনায়৷ কিন্তু ট্রাম্পৰ এই সাৱধানবাণী বা হুংকাৰৰ ওচৰত যে ইৰানে শিৰনত নকৰে তাকেই প্রমাণ কৰিবলৈ বি–১ সেতুত মার্কিন আৰু ইজৰাইলী বাহিনীয়ে চলোৱা আক্রমণৰ পিছতেই ওলোটাই ৮খন সেতুৰ তালিকা প্রকাশ কৰি মার্কিন ৰাষ্ট্রপতিগৰাকীক প্রত্যাহ্বান জনায়৷

উপসাগৰীয় ৰাষ্ট্রসমূহৰ এই সেতুকেইখনৰ ছবি আৰু তালিকা প্রকাশ কৰি ৰাষ্ট্রপতি ট্রাম্পক মুকলি প্রত্যাহ্বান জনায় ইৰানৰ ৰিভ’লুচনাৰী গার্ড কোৰে (আইআৰজিচি)৷ ইৰানৰ অর্ধচৰকাৰী সংবাদ প্রতিষ্ঠানটোৰ প্রতিবেদনত প্রকাশ পোৱা মতে, ইৰানে আমেৰিকা আৰু ইজৰাইলৰ আক্রমণৰ প্রতিশোধ ল’বলৈ যুগুত কৰা হিটলিষ্টখনত স্থান পোৱা সেতুসমূহৰ ভিতৰত আছে শ্বেইখ জাবেৰ আল–আহমেদ আল–ছাবা সমুদ্র সেতু, সংযুক্ত আৰব আমিৰ শ্বাহীৰ শ্বেইখ জায়েৰ, আল–মাকতা আৰু শ্বেইখ খলিফা সেতু৷ ইয়াৰ উপৰি বাহৰেইনৰ কিং ফাহদ কজৱে (ছৌদি আৰব আৰু বাহৰেইনৰ সংযোগকাৰী সেতু), জর্ডানৰ কিং হুছেইন, দামিয়া আৰু আব্দুন সেতু৷

উল্লেখ্য যে উপসাগৰীয় অঞ্চলসমূহৰ এই গুৰুত্বপূর্ণ সেতুকেইখন ইৰানে বিধ্বস্ত কৰিব লাগিলে অঞ্চলটোত বৃহৎ বিপর্যয়ৰ সৃষ্টি হ’ব৷

You might also like