নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত মোদীৰে বৈঠক ‘অনুৰাগী’ ইলন মাস্কৰ

🔷 ভাৰতত দ্ৰুত বিনিয়োগৰ আশ্বাস
বিশেষ বাৰ্তা, ২১ জুনঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণৰ আৰম্ভণিতে টেছলাৰ মুৰব্বী ইলন মাস্কৰ সৈতে বৈঠকত মিলিত হয়। নিউয়ৰ্কত অনুষ্ঠিত হোৱা এই বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি ইলন মাস্কে ভাৰতৰ ‘সম্ভাৱনীয়তা’ আৰু প্ৰধানমন্ত্ৰীৰ পদক্ষেপক প্ৰশংসা কৰে। লগতে তেওঁ নিজকে ‘মোদীৰ অনুৰাগী’ বুলিও কয়। মন কৰিবলগীয়া যে মাস্কে মাইক্ৰ’ ব্লগিং কোম্পানী টুইটাৰৰ মালিকীস্বত্ব লাভ কৰাৰ পিছত মোদীৰ সৈতে তেওঁৰ এয়েই প্ৰথম সাক্ষাৎ। ২০১৫ চনত আমেৰিকা ভ্ৰমণৰ সময়ত মোদীয়ে কেলিফৰ্নিয়াৰ টেছলা কাৰখানা পৰিদৰ্শন কৰিছিল। সেই কথা উল্লেখ কৰি মাস্কে কয়- “তেওঁ কেইবছৰমান আগতে আমাৰ কাৰখানালৈ আহিছিল। আমি ইজনে সিজনক কেইবাবছৰ ধৰি চিনি পাওঁ।” ভাৰতৰ সম্ভাৱনাৰ বিষয়ে কওঁতে টেছলাৰ মুৰব্বীগৰাকীয়ে কয়- ‘ভাৰতৰ ভৱিষ্যতক লৈ মই অতিশয় উৎসাহিত। মই ভাবোঁ- বিশ্বৰ যিকোনো ডাঙৰ দেশতকৈ ভাৰতৰ সম্ভাৱনা বেছি।” গাড়ী নিৰ্মাতা কোম্পানী টেছলাই ভাৰতত বিনিয়োগ কৰিব পাৰে নেকি বুলি সোধাত তেওঁ কয়- ‘মই আশাবাদী যে টেছলা ভাৰতলৈ যাব। এই কাম অতি সোনকালে কৰা হ’ব।” পিছত এক সাক্ষাৎকাৰত মাস্কে কয় যে টেছলাই চলিত বৰ্ষৰ শেষৰফালে ভাৰতত গাড়ীৰ কাৰখানা নিৰ্মাণৰ বাবে উপযুক্ত স্থান বাছি ল’ব। ভাৰতত বিনিয়োগ কৰিবলৈ প্ৰয়োজনীয় আশ্বাস আৰু আত্মবিশ্বাস প্ৰদান কৰা বাবে মোদীক প্ৰশংসা কৰি মাস্কে কয়- “নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বাবে সঠিক কাম বিচাৰে। তেওঁ বিনিয়োগ সংস্থাসমূহক সহায় কৰিব বিচাৰে।” উল্লেখ্য যে মঙলবাৰে আমেৰিকাত অৱতৰণ কৰে মোদীৰ বিমান। মঙলবাৰে নিশা নিউয়ৰ্কত তেওঁ নোবেল বঁটা বিজয়ী, অৰ্থনীতিবিদ, শিল্পী, বিজ্ঞানী, উদ্যোগীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰে। মাস্কৰ উপৰি লেখক ৰবাৰ্ট থাৰ্মান আৰু পৰিসংখ্যাবিদ নিকোলাছ নাছিম তালেবৰ সৈতেও সাক্ষাতত মিলিত হয়।

You might also like