নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চুক্তি নহ’লেও হৰমুজ প্রণালী মুক্ত কৰিমেই : ট্রাম্প

ডিজিটেল ডেস্ক, ১২ এপ্রিল : ইৰানৰ সৈতে হোৱা শান্তি আলোচনাত সমাধান সূত্র নোলালেও হৰমুজ প্রণালী মুক্ত কৰিহে এৰিব আমেৰিকাই৷ পাকিস্তানত চলা শান্তি আলোচনাৰ মাজতে এই হুংকাৰ দিলে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ তেওঁৰ এই মন্তব্যৰ পিছতেই আশংকাৰ ক’লীয়া ডাৱৰ ঘনীভূত হ’বলৈ ধৰিছে৷

বিশেষজ্ঞসকলৰ একাংশৰ মতে, শান্তি বৈঠক ব্যর্থ হ’লে ইৰানত পুনৰ বৃহৎ আক্রমণ চলাব পাৰে মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে৷ শনিবাৰে ট্রাম্পে কয়- ‘আমি ইৰানক শুভকামনা জনাইছোঁ৷ শান্তি বৈঠকত কি হয়, তাকেই এতিয়া চোৱাৰ কথা৷ তেওঁলোক এই যুদ্ধত পৰাজিত হৈছে৷ এতিয়া তেওঁলোকৰ সৈতে কোনো চুক্তি হওক বা নহওক আমি হৰমুজ মুক্ত কৰিহে এৰিম৷’

তেওঁ লগতে কয়- ‘আমাৰ প্রতিনিধি দলটো দক্ষ আৰু শক্তিশালী৷ এতিয়ালৈকে সকলো ঠিকে ঠাকেই চলি আছে৷ ইৰানৰ নৌসেনা, বায়ুসেনা সকলো ধ্বংস হৈ গৈছে৷ তেওঁলোকৰ অস্ত্রও প্রায় শেষ৷ ইৰানৰ নেতাসকলৰ মৃত্যু ঘটিছে৷ দেখা যাওক শেষ পর্যন্ত কি হয়৷’ শনিবাৰে বৈঠকত যোগ দিবলৈ ইছলামাবাদত উপস্থিত হৈছে ইৰানৰ ৭০জনীয়া প্রতিনিধি দল এটা৷ নেতৃত্বত আছে দেশখনৰ বিদেশ মন্ত্রী আব্বাছ আৰাঘচী আৰু ইৰান সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ ঘালীবাফ৷ তেওঁলোকে লগত আনিছে অর্থনীতি, নিৰাপত্তা, ৰাজনীতি আৰু প্রযুক্তি বিশেষজ্ঞকো৷

আনহাতে, শনিবাৰে নিচেই পুৱা ইছলামাবাদত অৱতৰণ কৰে মার্কিন বিশেষ বিমান এখনে৷ আমেৰিকাৰ প্রতিনিধি দলটোত আছে মার্কিন উপ–ৰাষ্ট্রপতি জে ডি ভান্স, বিশেষ দূত ষ্টীভ উইটকফ আৰু ট্রাম্পৰ জোঁৱাই জাৰেড কুচনাৰ৷ ইছলামাবাদত আয়োজিত বৈঠকখনত অত্যন্ত গুৰুত্ব দিয়া দেখা গৈছে ইৰানক৷ বুজাপৰাৰ ক্ষেত্রত ইৰানৰ সদিচ্ছা আছে বুলি জনাইছে ঘালীবাফে৷ কিন্তু তেওঁ এই কথাও জনাইছে যে আমেৰিকাক তেওঁলোকে একেবাৰেই বিশ্বাস নকৰে৷ সেই কাৰণে শান্তি বৈঠকৰ ক্ষেত্রত কিছু চর্ত ৰাখিছে ইৰানে৷ তাৰ মাজত আছে লেবাননত ইজৰাইলী আগ্রাসন বন্ধ আৰু যুদ্ধবিৰতিৰ দাবী৷ তদুপৰি পশ্চিম এছিয়াত নতুনকৈ সেনা মোতায়েন বা সামৰিক শক্তি বৃদ্ধি কৰিব নোৱাৰিব আমেৰিকাই৷ আনহাতে, বৈঠকৰ পূর্বে মার্কিন উপ–ৰাষ্ট্রপতি জে ডি ভান্সে কৈছে– ‘আমি আলোচনাৰ বাবে উদগ্রীৱ হৈ আছোঁ৷ আমাৰ ধাৰণা যে ইতিবাচক বৈঠক এখন হ’ব৷’

You might also like