নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হলীউডৰ অভিনেত্রী পামেলা ব্যাচে বাছি ল’লে চৰম পথ

🔹 হলীউড হিলছৰ বাসগৃহৰ পৰা মৃতদেহ উদ্ধাৰ আৰক্ষীৰ 

নিউজ ডেস্ক, ৮ মার্চ : হলীউডৰ জনপ্রিয় অভিনেত্রী পামেলা ব্যাচে চৰম পথ বাছি লৈছে ৷ অভিনেতা ডেভিদ হাছেলহ’ফৰ প্রাক্তন পত্নী পামেলাই এই অঘটন সংঘটিত কৰে হলীউড হিলছত থকা নিজ গৃহত৷ যোৱা ৫ মার্চত ৬২ বছৰীয়া অভিনেত্রীগৰাকীয়ে চৰম পথ বাছি লোৱা বুলি লছ এঞ্জেলছৰ হাস্পতালে সদৰী কৰিছে৷ লছ এঞ্জেলছৰ চিকিৎসা পৰীক্ষকৰ কার্যালয়ে অভিনেত্রীগৰাকীয়ে সংঘটিত কৰা এই অঘটন নিশ্চিত কৰিছে৷ উল্লেখনীয় যে নিজৰ পিষ্টলেৰে মূৰত গুলীয়াই চৰম পথ বাছি লয় অভিনেত্রীগৰাকীয়ে৷ অৱশ্যে কোনো টোকা লিখি থৈ যোৱা নাই পামেলাই৷ তাৎক্ষণিকভাৱে অভিনেত্রীগৰাকীৰ এই পদক্ষেপৰ কাৰণো জানিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে৷ ইফালে, প্রাক্তন স্বামী ডেভিদ হাছেলহ’ফে পামেলাৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে৷ অতি বিপদসংকুল পৰিস্থিতিত পামেলাৰ সৈতে কটোৱা সময়ৰ স্মৃতি ৰোমন্থন কৰি হাছেলহ’ফে কয় যে তেওঁৰ মৃত্যু সঁচাকৈয়ে অসহনীয়৷ উল্লেখনীয় যে নাইট ৰাইডাৰ টিভি ধাৰাবাহিকত পামেলাৰ সৈতে সাক্ষাৎ হৈছিল ডেভিদ হাছেলহ’ফৰ৷ ১৯৮৯ চনত দুয়ো বিবাহপাশত আবদ্ধ হৈছিল৷ ইয়াৰ পাছত কেইবাখনো ছবিত দুয়ো একেলগে অভিনয় কৰিছিল৷ ২০০৬ চনত দুয়োৰে বিবাহ বিচ্ছেদ হোৱাৰ পূর্বে পামেলাই টিভি ড্রামা বে ৱাটছৰ জৰিয়তে বিশেষ খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল৷

You might also like