নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকাশমার্গেৰে গুজৰাটৰ ‘বিপর্যয়’-বিধ্বস্ত অঞ্চল পৰিদৰ্শন গৃহমন্ত্রী শ্বাহৰ

বিশেষ বাৰ্তা, ১৭ জুনঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আকাশমার্গেৰে সামুদ্রিক ঘূর্ণি ‘বিপর্যয়’এ বিধ্বস্ত কৰা গুজৰাটৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে ৷ গৃহমন্ত্রীগৰাকীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্রী ভূপেন্দ্র পেটেলৰ সৈতে ক্ষতিগ্রস্ত অঞ্চলসমূহৰ সমীক্ষা চলোৱাৰ পাছত মাণ্ডভি অসামৰিক হাস্পতাললৈ গৈ তাত থকা লোকসকলৰ বুজ লয়৷ সামুদ্রিক ঘূর্ণিত ক্ষতিগ্রস্ত অঞ্চলসমূহৰ সমীক্ষা চলোৱা গৃহমন্ত্রী শ্বাহে কুচ্ছৰ জাখাউ বন্দৰলৈ গৈ সমগ্র ক্ষতিগ্রস্ত অঞ্চলৰ পৰিস্থিতি সন্দর্ভত মুখ্যমন্ত্রীৰ সৈতে আলোচনা কৰে ৷ আশ্রয় গৃহত থকা লোকসকলৰ সৈতেও বার্তালাপ কৰে গৃহমন্ত্রী শ্বাহে৷ ইয়াৰ পাছতেই গৃহমন্ত্রী শ্বাহে ভুজৰ স্বামী নাৰায়ণ মন্দিৰলৈ গৈ ক্ষতিগ্রস্ত লোকসকলৰ মাজত খাদ্য সামগ্রীকে ধৰি বিভিন্ন সামগ্রী বিতৰণ কৰাত সহায় কৰে৷

You might also like