নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যিক সংগ্রহালয়ত নিযুক্তিত ব্যাপক অনিয়ম

📌 চতুর্থবর্গৰ ১২টা পদত পৰীক্ষাত অনুত্তীর্ণ প্রার্থীকো নিযুক্তি

বিশেষ বাৰ্তা, ১৭ জুনঃ অসম ৰাজ্যিক সংগ্রহালয় সঞ্চালকালয়ত চতুর্থ বর্গৰ ১২টাকৈ পদৰ নিযুক্তিত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ মতে, অসম ৰাজ্যিক সংগ্রহালয়ৰ সঞ্চালক ৱাই এছ ৱেলিংটন আৰু উচ্চ বর্গৰ সহায়ক কোষেশ্বৰ বড়োৰ নেত্বত্বত ব্যাপক ধনৰ লেনদেনৰ বিনিময়ত এই অনিয়ম সংঘটিত হৈছে৷ লিখিত পৰীক্ষাযোগে উত্তীর্ণ প্রার্থীক নিযুক্তি দিয়াৰ নিয়ম উলংঘা কৰি সঞ্চালক ৱেলিংটন আৰু উচ্চ বর্গৰ সহায়ক বড়োৱে অনুত্তীর্ণ প্রার্থীকো ধনৰ লেনদেনত নিযুক্তি দিয়ে৷ উল্লেখ্য যে ৰাজ্যিক সংগ্রহালয় সঞ্চালকালয়ত চতুর্থ বর্গৰ ১২টা পদত নিযুক্তিৰ বাবে ২০২০ চনৰ ৩ ফেব্রুৱাৰী আৰু ১১ নৱেম্বৰত পৃথকে পৃথকে বিজ্ঞাপন প্রকাশ কৰিছিল৷ এই বিজ্ঞাপন প্রকাশ পোৱাৰ পিছত ১২টা পদৰ বিপৰীতে ২০২১ চনৰ ১৪ ফেব্রুৱাৰীত সর্বমুঠ ১,৯৬৫গৰাকী প্রার্থীয়ে লিখিত পৰীক্ষাত অৱতীর্ণ হয়৷ ২০২১ বর্ষৰ ২৬ ফেব্রুৱাৰীত এই প্রার্থীসকলৰ ভিতৰৰ পৰা ১২টা পদৰ বিপৰীতে অসংৰক্ষিত পদত ১৭৩০, ০৮৯২, ০২৯২, ১৯০৪, ০৮২৫ নম্বৰৰ প্রার্থীকেইগৰাকীক বাছনি কৰিছিল৷ আর্থিকভাৱে দুর্বল শ্রেণীৰ বাবে সংৰক্ষিত পদত ১৫৬৩ আৰু ১৩৫৩ ৰোল নম্বৰৰ প্রার্থী দুগৰাকীক বাছনি কৰা হয়৷ অ’বিচি–এম’বিচিৰ বাবে সংৰক্ষিত পদত ০৯৮২ আৰু ০৮৯৩ নম্বৰৰ প্রার্থী দুগৰাকীক বাছনি কৰিছিল৷ অনুসূচিত জনজাতি (ভৈয়াম)ৰ বাবে সংৰক্ষিত পদত ০৫৪৩, ০৩০৬ নম্বৰৰ প্রার্থী দুগৰাকীক বাছনি কৰিছিল৷ আনুসূচিত জাতিৰ বাবে সংৰক্ষিত পদত ০৮৩০ নম্বৰৰ প্রার্থীক বাছনি কৰিছিল৷ চতুর্থ বর্গৰ উত্তীর্ণ প্রার্থীসকলৰ ভিতৰত ১১গৰাকী প্রার্থীয়ে চাকৰিত যোগদান কৰিছিল৷ এগৰাকী প্রার্থীয়ে চাকৰিত যোগদান নকৰাত ধনৰ লেনদেনৰ বিনিময়ত পৰীক্ষাত অৱতীর্ণ হোৱা যদিও অনুত্তীর্ণ ১৯২২ ৰোল নম্বৰৰ প্রার্থী অসীমানন্দ ভূঞাক নিযুক্তি দিয়ে৷ অসম ৰাজ্যিক সংগ্রহালয় সঞ্চালকালয়ৰ সঞ্চালকৰ জ্ঞাতসাৰে ধনৰ বিনিময়ত বক্রপথেৰে এইগৰাকী প্রার্থীক নিযুক্তি দিয়ে৷ অসম ৰাজ্যিক সংগ্রহালয়ৰ সঞ্চালকালয়ত কর্মৰত উচ্চ বর্গৰ সহায়ক কোষেশ্বৰ বড়োৰ সৈতে হোৱা মোটা অংকৰ ধনৰ লেনদেনৰ বিনিময়ত এই অনুত্তীর্ণ প্রার্থীগৰাকীক নিযুক্তি দিয়া হয়৷ চৰকাৰী নিযুক্তি প্রক্রিয়াৰ নীতি–নির্দেশনা উলংঘাৰে অসীমানন্দ ভূঞাই নিযুক্তি লাভ কৰাৰ পিছতে মুখ্য কার্যালয়ত যোগদান কৰে৷ মুখ্য কার্যালয়ৰ পৰা অসীমানন্দ ভূঞাক ডিব্রুগড় জিলা সংগ্রহালয়ত নিযুক্তি দিয়ে৷ দুবছৰ ডিব্রুগড়ত চাকৰি কৰাৰ পিছত গুৱাহাটীলৈ অসীমানন্দ ভূঞাক বদলি কৰে৷ কিন্তু খালী পদ নথকাত অসীমানন্দ ভূঞাই আজিলৈকে যোগদান কৰিব পৰা নাই৷ অসম ৰাজ্যিক সংগ্রহালয়ত চতুর্থ বর্গৰ নিযুক্তিত সংঘটিত হোৱা ব্যাপক অনিয়মৰ এয়া মাত্র এটা উদাহৰণহে৷ ইফালে, উচ্চ বর্গৰ সহায়ক বড়োৰ খুলশালী আৰু ভতিজাকেও চতুর্থ বর্গৰ পদত নিযুক্তি লাভ কৰে৷ কোষেশ্বৰ বড়োৰ পত্নীও পৰীক্ষাত অৱতীর্ণ হৈছিল যদিও ভতিজা আৰু খুলশালীক নিযুক্তি দিয়াৰ বাবে পত্নীক উক্ত পদৰ বাবে বাছনি কৰাৰ পৰা হয়তো কৌশলপূর্ণভাৱে বিৰত থাকিছিল৷ ৰাজ্যিক সংগ্রহালয় সঞ্চালকালয়ত ধনৰ বিনিময়ত অনুত্তীর্ণ প্রার্থী আৰু অঙহী–বঙহীক নিযুক্তি দিয়া কেলেংকাৰিৰ তদন্ত কৰিবনে চৰকাৰে?– সম্প্রতি এই প্রশ্ণটোৱে সচেতন মহলত ব্যাপক চর্চা লাভ কৰিছে৷

You might also like