নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত ডিচেম্বৰত ক’ভিডত মৃত্যু ৬৩ হাজাৰৰ

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ ক’ভিড–১৯ মহামাৰীয়ে আমেৰিকাত আগন্তুক জানুৱাৰী আৰু ফেব্রুৱাৰী মাহত অধিক সংহাৰ সৃষ্টি কৰিব পাৰে৷ সদ্যসমাপ্ত বৰদিনৰ সমাৱেশ আৰু নৱবর্ষৰ উৎসৱে ক’ৰোনা ভাইৰাছ মহামাৰীৰ সংক্রমণ অধিক দ্রুত কৰিব পাৰে বুলি আশংকা কৰিছে চৰকাৰে৷ স্মর্তব্য যে দেশখনত ক’ভিড–১৯ৰ দুটাকৈ ভেকচিন প্রদান প্রক্রিয়া ইতিমধ্যে আৰম্ভ হৈছে৷ সমগ্র দেশখনতে চলাই থকা হৈছে গণ টিকাকৰণ৷ কিন্তু ডিচেম্বৰ মাহৰ ২৬ দিনত দেশখনত ক’ভিড আক্রান্ত ৬৩ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে৷

নৱেম্বৰ মাহত ক’ভিডত প্রাণ হেৰুওৱা লোকৰ সংখ্যা আছিল প্রায় ৩৭ হাজাৰ৷ ডিচেম্বৰ মাহত ক’ভিডত মৃত্যুৰ হাৰ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ গতিকে দেশখনত মহামাৰী প্রতিৰোধৰ বাবে গণ টিকাকৰণ চলি থাকিলেও আগন্তুক জানুৱাৰী আৰু ফেব্রুৱাৰী মাহত বহু লোকে ক’ভিডত প্রাণ হেৰুৱাব বুলি আশংকা কৰা হৈছে৷ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ফৰ হেল্থ মেট্রিকছ এণ্ড ইভাল্যুৱেচনৰ তৰফৰ পৰা উল্লেখ কৰা অনুসৰি আগন্তুক দুটা মাহত দেশখনত ১,৯৩,০০০ লোকে ক’ভিডত প্রাণ হেৰুৱাব৷

You might also like