নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পম্পেয়ীত ২০০০ বছৰীয়া ভোজনালয়ৰ ধ্বংসাৱশেষ

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ ইটালীত আগ্ণেয়গিৰিৰ উত্তপ্ত লাভাই পুতি পেলোৱা প্রাচীন চহৰ পম্পেয়ীত শেহতীয়াকৈ প্রত্নতত্ত্ববিদসক খনন কৰি উলিয়াইছে ভোজনালয়ৰ ধ্বংসাৱশেষ৷ অর্থাৎ ২০০০ বছৰ পূর্বেই পম্পেয়ীত খাদ্যসামগ্রী প্রস্তুত কৰি তাক বিক্রীৰ ব্যৱস্থা কৰা হৈছিল৷ পম্পেয়ীত মাউণ্ট বিছুভিয়াছ আগ্ণেগিৰিৰ উদ্গীৰণৰ ফলত ৭৯ শতিকাত মৃত্যু হৈছিল প্রায় ১১ হাজাৰ লোকৰ৷ অৱশ্যে এয়া এক আনুমানিক তথ্যহে প্রত্নতাত্ত্বিকসকল৷ যোৱা বছৰ প্রত্নতত্ত্ববিদৰ দলে এই অঞ্চলটোত খনন কার্য আৰম্ভ কৰিছিল৷ খনন কার্য আৰম্ভ কৰাৰ পিছতে পম্পেয়ীৰ প্রাচীন গর্বৰ নতুন নতুন তথ্য পোহৰলৈ আহিছে৷ বর্তমানৰ ফাষ্ট ফুড ভোজনালয়ৰ দৰে তাহানিতে ইটালীৰ চহৰখনত গঢ়ি উঠিছিল ভোজনালয়৷ কিন্তু আগ্ণেয়গিৰিৰ উত্তপ্ত লাভাই এই ভোজনালয়বোৰ আলংকাৰিকভাৱে সজোৱা বিভিন্ন উপাদান ধ্বংস কৰি পেলাইছে৷ তথাপি এই ভোজনালয়ৰ ধ্বংসাৱশেষৰ আৱিষ্কাৰে প্রত্নতাত্ত্বিকসকল উৎসাহিত কৰি তুলিছে৷

You might also like