নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা কালত অভাৱনীয় হাৰত বৃদ্ধি নাৰী নির্যাতনৰ ঘটনা

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ ক’ভিড –১৯ মহামাৰীৰ মাজতে বিভিন্ন দেশত মহিলাৰ ওপৰত আতিশয্য বৃদ্ধি পোৱাৰ উপৰি লিংগ ভিত্তিক সংঘর্ষৰ ঘটনাও অধিক হাৰত ঊর্ধ্বগামী হৈছে বুলি অভিযোগ কৰিছে ন’বেল শান্তি বিজয়ী নাডিয়া মুৰাদে৷ ইৰাকৰ সংখ্যালঘু য়াজিদি খ্রীষ্টান সম্প্রদায়ৰ সদস্য মুৰাদ ২০১৪ চনৰ পৰা ইৰাকত বহু হাজাৰ মহিলা তথা কিশোৰীৰ সৈতে যৌন দাসী হ’বলগীয়া হৈছিল ইছলামিক ষ্টেটৰ দ্বাৰা৷

শেহতীয়াকৈ ক’ভিড–১৯ মহামাৰী প্রতিৰোধৰ ক্ষেত্রত সংঘর্ষজর্জৰ অঞ্চলসমূহত জাৰি কৰা লকডাউন, সান্ধ্য আইন তথা ভ্রমণ নিষেধাজ্ঞা আদিৰ সময়ত মহিলাৰ ওপৰতে অধিক আতিশয্য চলা বুলি ক্ষোভ উজাৰিছে ২৭ বছৰীয়া অধিকাৰ কর্মীগৰাকীয়ে৷ অকল ইৰাকতেই নহয় সকলো সংঘর্ষজর্জৰ অঞ্চলত ক’ভিড সংকটৰ সময়ত মহিলা নির্যাতনৰ সন্মুখীন হোৱা বুলিও মন্তব্য কৰিছে মুৰাদে৷

You might also like