নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাজাত ইজৰাইলৰ ৬০০ সৈনিকৰ প্রাণহানি

বিশেষ বাৰ্তা, ১ এপ্রিল : গাজা ভূখণ্ডত হামাছৰ বিৰুদ্ধে ইজৰাইলে চলাই থকা যুদ্ধত এতিয়ালৈকে দেশখনৰ ৬০০ সৈনিক নিহত হৈছে৷ আজি ইজৰাইলৰ ২০ বছৰীয়া জোৱান নাডাভ কোহেন নিহত হৈছে গাজাত৷ ইজৰাইলী সেনাই আজি ঘোষণা কৰিছে যে যোৱা ৭ অক্টোবৰত হামাছৰ আক্রমণৰ পিছত কুখ্যাত পেলেষ্টাইনী সশস্ত্র সংগঠনটোৰ বিৰুদ্ধে ইজৰাইলী সেনাই চলাই থকা যুদ্ধত এতিয়ালৈকে মুঠ ৬০০ সৈনিক নিহত হৈছে৷ অৱশ্যে পেলেষ্টাইনী নিৰীহ লোকৰ হত্যাৰ বিষয়টো সন্দর্ভত কোনোধৰণৰ তথ্য সদৰী কৰা নাই ইজৰাইলী সেনাই৷ বেচৰকাৰী তথ্য মতে, গাজা ভূখণ্ডত ৫০ সহস্রাধিক নিৰীহ লোক নিহত হৈছে বিগত ৫ মাহত৷ ইফালে, হামাছ পৰিচালিত স্বাস্থ্য মন্ত্রণালয়ে সদৰী কৰা অনুসৰি ৩২ হাজাৰ পেলেষ্টাইনী নিহত হৈছে৷

You might also like