নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকা-ইজৰাইলৰ ইৰান আক্রমণত উদ্বিগ্ন ভাৰত

ডিজিটেল ডেস্ক, ২ মার্চ : মধ্যপ্রাচ্যত পুনৰ বাজি উঠিছে যুদ্ধৰ দামামা৷ শনিবাৰে ইৰানৰ বহু ঠাইত আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া বাহিনীয়ে আক্রমণ কৰাৰ পিছত ইজৰাইল আৰু মধ্যপ্রাচ্যত বিয়পি থকা মার্কিন সামৰিক ঘাটিসমূহক লক্ষ্য কৰি ইৰানেও চলাইছে প্রত্যাক্রমণ৷ এই যুদ্ধই ভয়াৱহ ৰূপ ল’ব পাৰে বুলি উদ্বেগ প্রকাশ কৰি বিবৃতি জাৰি কৰিছে নতুন দিল্লীয়ে৷

বিদেশ মন্ত্রালয়ৰ তৰফৰ পৰা জাৰি কৰা এটা বিবৃতিত আলোচনাৰ মাধ্যমেৰে সকলো পক্ষকে সমাধান বিচাৰি উলিওৱাৰ বাবে আবেদন জনোৱা হয়৷ মধ্যপ্রাচ্যৰ ভয়াৱহ যুদ্ধৰ পৰিস্থিতিত উদ্বেগ প্রকাশ কৰি বিদেশ মন্ত্রালয়ে এই বিবৃতি প্রকাশ কৰে শনিবাৰে৷

বিবৃতিত কোৱা হৈছে– ‘ইৰান আৰু উপসাগৰীয় অঞ্চলত সাম্প্রতিক পৰিস্থিতিক লৈ ভাৰত অত্যন্ত উদ্বিগ্ন ৷ আমি সকলো পক্ষকে উত্তেজনা কমাই সংযম প্রদর্শন আৰু সাধাৰণ নাগৰিকৰ নিৰাপত্তাক অগ্রাধিকাৰ দিয়াৰ দাবী জনাইছোঁ৷ যুদ্ধ এৰি আলোচনা আৰু কূটনৈতিক উপায়েৰে সমস্যা সমাধান কৰাৰ আবেদন জনায় ভাৰতে৷ সকলো দেশৰ সার্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাক সন্মান জনাওঁ আমি৷’

বিবৃতিত আৰু কোৱা হৈছে– ‘আমাৰ দূতাৱাস উত্তেজনাপূর্ণ এলেকাসমূহত থকাত সকলো ভাৰতীয় নাগৰিকৰ সৈতে যোগাযোগ ৰখা হৈছে৷ লগতে ইৰানত থকা ভাৰতীয়সকলক অনুৰোধ জনোৱা হৈছে যাতে তেওঁলোকে দূতাৱাসৰ সৈতে যোগাযোগ ৰাখি চলে৷ লগতে সকলোধৰণৰ নির্দেশনা যাতে অনুসৰণ কৰে৷’

You might also like