নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনতে ১২ শতাধিক বোমাবর্ষণ ইৰানত…

ডিজিটেল ডেস্ক, ২ মার্চ : এদিনতে ১২ শতাধিক বোমাবর্ষণ হৈছে ইৰানত৷ অৱশেষত দেশখনৰ প্রতিৰক্ষা মন্ত্রী আজিজ নাচিৰজাদে আৰু সেনাপ্রধান আব্দুল ৰহিম মৌচাভিৰ মৃত্যুৰ কথাও স্বীকাৰ কৰিছে তেহৰানে৷

ইজৰাইল আৰু মার্কিন আগ্রাসনৰ বিৰুদ্ধে কঠোৰ প্রত্যাক্রমণৰ সাৱধান বাণী দিছে ইৰানৰ বিদেশ মন্ত্রী আব্বাছ আৰাঘচীয়ে৷ ইজৰাইলৰ বায়ুসেনাই দেওবাৰে পুৱা এটা বিবৃতিত ইৰানত চলোৱা আক্রমণৰ ব্যাখ্যা কৰে৷ তাত কোৱা হৈছে যে কেৱল শনিবাৰেই আমেৰিকাৰ সহায়ত ইৰানত ১২ শতাধিক বোমা নিক্ষেপ কৰিছে তেওঁলোকে৷ এই আক্রমণৰ লক্ষ্যত আছিল দেশখনৰ সর্বোচ্চ নেতা আয়াতুল্লা খামেইনিসহ শীর্ষ নেতৃত্ব৷

জানিব পৰা মতে, মিনাব চহৰত এখন ছোৱালী স্কুলত ইজৰাইলে বোমা পেলাইছে৷ আক্রমণ হৈছে দক্ষিণ ইৰানৰ হৰমৌজগান প্রদেশত৷ হৰমৌজগানত ১৪৮জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে৷ এই আক্রমণক নিন্দা কৰি ইৰানৰ বিদেশ মন্ত্রী আৰাঘচীয়ে সাৱধানবাণী শুনায়– ‘ইমান লোকৰ মৃত্যু অথলে নাযায়, এই আক্রমণৰ প্রতিশোধ লোৱা হ’ব৷’

You might also like