অস্ত্র আমদানিৰ ক্ষেত্রত বিশ্বৰ দ্বিতীয় স্থানত ভাৰত
🔹 ছুইডেনৰ সংস্থা ‘ছিপ্রি’ৰ প্রতিবেদনৰ তথ্য
নিউজ ডেস্ক, ১১ মার্চ : প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘আত্মনির্ভৰ ভাৰত’ আৰু ‘মেক ইন ইণ্ডিয়া’ শ্ল’গান সফল কৰি তুলিবলৈ বিগত কেইবছৰমান অস্ত্র আৰু সামৰিক সৰঞ্জামৰ আমদানি হ্রাস কৰিছে প্রতিৰক্ষা মন্ত্রালয়ে৷ কিন্তু আন্তর্জাতিক প্রতিবেদনত দেখিবলৈ পোৱা গৈছে যে যোৱা ৪ বছৰত ৰাছিয়াৰ সৈতে যুদ্ধত অৱতীর্ণ ইউক্রেইনে যি বৃহৎ অংকৰ অস্ত্র আমদানি কৰিছে, শান্তিৰ পৰিস্থিতিত থকা সত্ত্বেও ভাৰতেও প্রায় সম–পৰিমাণৰ অস্ত্র আমদানি কৰিছে৷ ছুইডেনৰ প্রতিৰক্ষা সমীক্ষা সংস্থা ‘ষ্টকহ’ম ইণ্টাৰনেচনেল পীচ ৰিছার্চ ইনষ্টিটিউট’ (ছিপ্রি)ৰ এক প্রতিবেদনত উল্লেখ কৰা হৈছে যে ২০২০ৰ পৰা ২০২৪ৰ ভিতৰত বিশ্বত মুঠ অস্ত্র বিক্রীৰ ৮.৩ শতাংশয়েই আমদানি কৰিছে ভাৰতে৷ অৱশ্যে শতাংশৰ অনুপাতত এই হাৰ পূর্বৰ চাৰি বছৰৰ তুলনাত কিছু কম৷ ২০১৫ৰ পৰা ২০১৯ চনৰ ভিতৰত বিশ্বজুৰি অস্ত্র আমদানিৰ বজাৰত ভাৰতৰ ‘অৱদান’ আছিল ৯.৩ শতাংশ৷ আনফালে, ২০২০ চনৰ পৰা ২০২৪ চনৰ ভিতৰত ইউক্রেইনে ৮.৯ শতাংশ সমৰাস্ত্র আমদানি কৰিছে৷ এইক্ষেত্রত ইউক্রেইনৰ স্থান প্রথমতে আছে৷ দ্বিতীয় স্থানত আছে ভাৰত৷ ছুইডেনৰ সংস্থাটোৰ প্রতিবেদনত বিশ্বৰ ১৬২খন দেশৰ তালিকাত তৃতীয়, চতুর্থ আৰু পঞ্চম স্থানত আছে কাটাৰ, ছৌদি আৰব আৰু পাকিস্তান৷ আর্থিক মন্দা পৰিস্থিতিতো পাকিস্তানৰ অস্ত্র আমদানি হ্রাস পোৱা নাই৷ বিগত চাৰি বছৰত বিশ্বৰ মুঠ অস্ত্র আমদানি ৫.৩ শতাংশ কৰিছে পাকিস্তানে৷ ইফালে, ৯০ দশকৰ পিছত প্রথমবাৰলৈ বিশ্বৰ প্রথম দহখন অস্ত্র আমদানিকাৰক দেশৰ ভিতৰত স্থান পোৱা নাই চীনে৷ অৱশ্যে ধাৰাবাহিকভাৱে চীনে প্রতিৰক্ষা বাজেট বৃদ্ধি কৰি আহিছে৷ ইয়াৰ অর্থ প্রতিৰক্ষা উৎপাদনৰ ক্ষেত্রত ‘আত্মনির্ভৰ’ হৈ উঠিছে চীন৷ ইফালে, ভাৰতক অস্ত্র বিক্রীৰ ক্ষেত্রত এতিয়াও শীর্ষ স্থানত আছে ৰাছিয়া৷ ২০২০–২৪ চনৰ ভিতৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ চৰকাৰে যিমান অস্ত্র ক্রয় কৰিছে, তাৰ ৩৮ শতাংশই পুটিনৰ দেশৰ পৰা ক্রয় কৰা হৈছে৷ অৱশ্যে প্রতিৰক্ষা ক্ষেত্রত ক্রমশঃ ৰাছিয়াৰ ওপৰত নির্ভৰতা হ্রাস পাইছে ভাৰতৰ৷ ২০১৫–১৯ত ভাৰতে ক্রয় কৰা মুঠ সমৰাস্ত্রৰ ৫৫ শতাংশ আহিছিল ৰাছিয়াৰ পৰা৷ বিগত চাৰি বছৰত ভাৰতে ইজৰাইলৰ পৰা ৩৪ শতাংশ আৰু ফ্রান্সৰ পৰা ২৮ শতাংশ অস্ত্র ক্রয় কৰিছে৷ ইফালে, ২০২০–২৪ৰ ভিতৰত বিশ্বৰ বৃহত্তম অস্ত্র ৰপ্তানিকাৰক পাঁচখন দেশ হৈছে আমেৰিকা, ফ্রান্স, ৰাছিয়া, চীন আৰু জার্মানী৷ ছুইডেনৰ এই সংস্থাটোৰ প্রতিবেদন প্রকাশ পোৱাৰ পাছতে এটা কথা স্পষ্ট হৈছে যে ‘আত্মনির্ভৰ ভাৰত’ আৰু ‘মেক ইন ইণ্ডিয়া’ আঁচনি আশা কৰা ধৰণে সফল হোৱা নাই৷