নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কে এল ৰাহুলৰ নেতৃত্বত আজি জিম্বাব’ৱেৰ বিৰুদ্ধে প্ৰথম এদিনীয়াত নামিব টীম ইণ্ডিয়া

বিশেষ বাৰ্তা, ১৭ আগষ্টঃ আঘাতৰ পৰা সুস্থ হৈ দললৈ উভতিছে তেওঁ৷ কেৱল ওভতাই নহয়, শিখৰ ধাৱনক আঁতৰাই তেওঁক অধিনায়কৰ দায়িত্ব দিয়া হৈছে৷ সেইবাবে জিম্বাব’ৱেৰ বিৰুদ্ধে প্রথমখন এদিনীয়াত খেলিবলৈ নমাৰ পূর্বে লোকেশ ৰাহুলৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে৷ এছিয়া কাপ আৰু টি–২০ বিশ্বকাপৰ পূর্বে এই শৃংখলাক প্রস্তুতি হিচাপে গ্রহণ কৰিছে তেওঁ৷ ৰোহিত শর্মাৰ অৱর্তমানত ধাৱনৰ সৈতে ইনিংছ মুকলি কৰিব পাৰে ৰাহুলে৷ দলৰ পেচ বলিং আক্রমণ অনভিজ্ঞ৷ মহম্মদ ছিৰাজ, প্রসিদ্ধ কৃষ্ণ, দীপক চহৰ, শার্দূল ঠাকুৰহঁতে নিজকে প্রমাণ কৰাৰ সুযোগ পাইছে৷ স্পিনাৰ কুলদীপ যাদৱ আৰু অলৰাউণ্ডাৰ অক্ষৰ পেটেলৰ শৃংখলাত উন্নত প্রদর্শন দাঙি ধৰিব বিচাৰিব৷ কাগজে–কলমে আৰু পৰিসংখ্যাৰ ফালৰ পৰা জিম্বাব’ৱেৰ তুলনাত ভাৰত অধিক শক্তিশালী৷ তথাপি জিম্বাব’ৱেক সহজভাৱে ল’ব বিচৰা নাই অ’পেনাৰ ধাৱনে৷ জিম্বাব’ৱেক কিছুদিন পূর্বে পৰাজিত কৰাৰ বাবে জিম্বাব’ৱেৰ বিপক্ষে সতর্ক হ’ব পাৰিছে বুলি তেওঁ মন্তব্য কৰে৷ অৱশ্যে ভাৰতৰ বিপক্ষে নমাৰ পূর্বে আত্মবিশ্বাসৰ তুংগত আছে ঘৰুৱা দলটো৷ কিছুদিন পূর্বে বাংলাদেশক এদিনীয়া আৰু টি–২০ শৃংখলাত পৰাজিত কৰিছে জিম্বাব’ৱেই৷ ২০১৫ চনত আয়াৰলেণ্ডক হৰুওৱাৰ পিছত প্রথমবাৰৰ বাবে দেশৰ মাটিত কোনো শৃংখলাত অংশগ্রহণ কৰিব আফ্রিকান দেশখনে৷ জিম্বাব’ৱেৰ মতে, ভাৰত শক্তিশালী দল হ’লেও হৰুওৱা অসম্ভৱ নহয়৷ সেইবাবে ভাৰত আৰু জিম্বাব’ৱেৰ এদিনীয়া শৃংখলাখন আকর্ষণীয় হোৱাৰ সম্ভাৱনা আছে৷

খেলৰ সময়ঃ দুপৰীয়া ১২.৪৫ বজা৷

You might also like