ইৰাৱতী নদীৰ অতিৰিক্ত পানী পাকিস্তানক নিদিয়ে ভাৰতে
নিউজ ডেস্ক, ১৭ ফেব্রুৱাৰী : ইৰাৱতী নদীৰ অতিৰিক্ত পানীভাগ আৰু বৈ নাযায় পাকিস্তানলৈ৷ জম্মু আৰু কাশ্মীৰৰ জলসম্পদ মন্ত্রী জাভেদ আহমেদ ৰাণাই জনায় যে ৩১ মার্চৰ ভিতৰত সাহপুৰ কান্দি বান্ধৰ কাম সম্পূর্ণ হৈ উঠিব৷ জম্মু আৰু কাশ্মীৰ তথা পঞ্জাবৰ সীমান্তত নির্মাণ হৈছে এই বান্ধটো৷ বান্ধটো সম্পূর্ণ হৈ উঠিলেই ইৰাৱতীৰ অতিৰিক্ত পানীভাগ পাকিস্তানলৈ পঠোৱা বন্ধ কৰি দিয়া হ’ব৷
উল্লেখযোগ্য যে যোৱা বছৰৰ ২২ এপ্রিলত পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণত প্রাণ হেৰুৱায় ২৬জন লোকে৷ এই ঘটনাত পাকিস্তানৰ সাহায্যপ্রাপ্ত সন্ত্রাসবাদীৰ নাম জড়িত হৈ পৰে৷ তাৰ পিছতেই সিন্ধু জলচুক্তি স্থগিত কৰে ভাৰতে৷ এইবাৰ ইৰাৱতীৰ অতিৰিক্ত পানীভাগ বন্ধ কৰিবলৈ আগবাঢ়িছে ভাৰত৷
জাভেদে সংবাদ মাধ্যমৰ আগত কয়– ‘ইৰাৱতী নদীৰ অতিৰিক্ত পানীভাগ পাকিস্তানক দিয়া নহ’ব৷ ইয়াক বন্ধ কৰিবই লাগিব৷’ কি কাৰণে এই পদক্ষেপ লোৱা হৈছে তাকো জনায় মন্ত্রীগৰাকীয়ে৷ তেওঁ কয়– ‘কাঠুৱা আৰু চাম্বা জিলাত খৰাংপীড়িত এই প্রকল্পটোক আমি অগ্রাধিকাৰ দিছোঁ৷ বান্ধটোৰ নির্মাণ হ’ব কান্দি এলেকাতে৷’ ইৰাৱতী নদীৰ পানী যাতে বেছিকৈ কামত লগোৱা হয়, তাৰ বাবেই এই বান্ধ নির্মাণৰ প্রকল্পত জোৰ দিছে স্বয়ং প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ তেওঁৰেই হস্তক্ষেপত দীর্ঘ সময়ৰ পিছত এই প্রকল্পৰ কাম পর্যালোচনা কৰি আৰম্ভ কৰা হৈছে৷
পেহেলগাম আক্রমণৰ পিছতেই জম্মু আৰু কাশ্মীৰৰ চন্দ্রভাগা নদীৰ ওপৰত চাৰিটা জলবিদ্যুৎ প্রকল্পৰ কাম দ্রুতগতিত আগবঢ়োৱা হৈছে৷ ধাৰণা কৰা মতে, ২০২৭–২৮ চনত এই প্রকল্প আৰম্ভ হৈ যাব৷