নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুবাইত আবদ্ধ ভাৰতীয় বেডমিন্টন তাৰকা পি ভি সিন্ধু

ডিজিটেল ডেস্ক, ১ মাৰ্চ : ডুবাইত আবদ্ধ হৈ পৰে ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু। আমেৰিকা-ইজৰাইলৰ সৈতে ইৰানৰ মুকলি যুদ্ধ আৰম্ভ হোৱাৰ পিছতে ইয়াৰ প্ৰভাৱ উপসাগৰীয় বহু দেশত পৰিছে ।

উল্লেখ্য যে ভাৰতৰ কিংবদন্তি বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুৱে ব্ৰিটেইনলৈ টুৰ্নামেণ্টৰ বাবে যাত্ৰা কৰিছিল যদিও তাত উপস্থিত হোৱাৰ পূৰ্বে ডুবাইত আবদ্ধ হৈ পৰে। ধাৰাবাহিকভাৱে চলি থকা ক্ষেপণাস্ত্ৰ আক্ৰমণৰ বাবে ইৰান, ইজৰাইল আৰু চুবুৰীয়া দেশসমূহত বিমান পৰিবহণ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে, যাৰ ফলত বহু লোক বিভিন্ন বিমানবন্দৰত আবদ্ধ হৈ পৰিছে ।

ইৰানৰ আক্ৰমণত ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বহু পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে। ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বন্ধ হৈ পৰাৰ ফলত হাজাৰ হাজাৰ লোক আবদ্ধ হৈ পৰিছে । ইয়াৰ ভিতৰত আছে ভাৰতৰ কিংবদন্তি বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু। ভাৰতৰ তাৰকা খেলুৱৈগৰাকীয়ে ব্ৰিটেইনলৈ টুৰ্নামেণ্টৰ বাবে যাত্ৰা কৰিছিল যদিও ডুবাইত আবদ্ধ হৈ পৰে ।

You might also like