নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফগানিস্তানৰে যুদ্ধত ইছলামাবাদক মুকলি সমর্থন ট্রাম্পৰ

ডিজিটেল ডেস্ক, ১ মাৰ্চ : ভাৰত-পাকিস্তানৰ যুদ্ধই ক্রমান্বয়ে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ সময়তে এই ৰক্তাক্ত সংঘাতৰ প্রতি পাকিস্তানক মুকলি সমর্থন আগবঢ়াইছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷

সাংবাদিকৰে হোৱা এক সাক্ষাতত আমেৰিকাৰ ৰাষ্ট্রপতিগৰাকীয়ে কয়– ‘এই যুদ্ধত মই হস্তক্ষেপ কৰিম৷ কিয়নো পাকিস্তানৰ সৈতে মোৰ ভাল সম্পর্ক আছে৷ পাকিস্তানৰ প্রধানমন্ত্রী শ্বাহবাজ শ্বৰীফ আৰু সেনাধ্যক্ষ মুনিৰ দুয়োগৰাকী মহান নেতা৷ মই সঁচাকৈয়ে তেওঁলোকক সন্মান কৰোঁ৷’

ইফালে, ট্রাম্পৰ সমান্তৰালভাৱে মার্কিন বিদেশ মন্ত্রালয়েও পাকিস্তানক সমর্থন কৰিছে৷ বিদেশ মন্ত্রালয়ৰ এগৰাকী মুখপাত্রই কয় যে ৱাশ্বিংটনে তালিবানৰ আক্রমণৰ বিৰুদ্ধে পাকিস্তানৰ আত্মৰক্ষাৰ অধিকাৰক সমর্থন কৰে৷ তালিবানে সন্ত্রাসবিৰোধী নীতিৰ প্রতিশ্রুতি দিছিল যদিও তেওঁলোকে এই প্রতিশ্রুতি পালন কৰা নাই৷

ইফালে, দুয়োখন দেশৰ আক্রমণত সমগ্র অঞ্চলটো অস্থিৰ হৈ পৰিছে৷ সন্ত্রাসবাদী সংগঠনসমূহে আফগানিস্তানৰ পৰা সন্ত্রাসবাদী কার্যকলাপ অব্যাহত ৰাখিছে৷ একাংশৰ মতে, আমেৰিকাই বহু চেষ্টা কৰিও এতিয়ালৈকে তালিবানক নির্মূল কৰিব পৰা নাই৷ এনে পৰিপ্রেক্ষিতত পাকিস্তানক সমর্থন কৰি ৱাশ্বিংটনে তালিবানক এসেকা দিবলৈ প্রচেষ্টা চলাইছে৷

উল্লেখ্য যে পাকিস্তানৰ আক্রমণৰ প্রতিশোধ ল’বলৈ আফগানিস্তানে বৃহস্পতিবাৰৰ নিশাৰ পৰা পাকিস্তানৰ সীমান্তত আক্রমণ চলাই অতিকমেও ১২টা পাকিস্তানী আউট পোষ্ট নিজৰ দখললৈ আনিছে৷ একে সময়তে এই আক্রমণত অতিকমেও ৫৫জন পাকিস্তানী সেনা নিহত হোৱা বুলি দাবী কৰিছে আফগানিস্তানে৷ প্রত্যুত্তৰত পাকিস্তানে পুনৰ আক্রমণ কৰিছে আফগানিস্তানৰ কেইবাখনো চহৰত৷ সেই আক্রমণত তিনি শতাধিক সেনা আৰু অসামৰিক লোক নিহত হোৱা বুলি দাবী কৰা হৈছে৷

You might also like