ইনষ্টাগ্রাম কেৱল ছোৱালীৰ বাবে… কোনে আৰু কিয় ক’লে এই কথা
এলন মাস্কে বিতর্কিত মন্তব্য কৰাটো নতুন কথা নহয়৷ তেওঁ নিজেই এক্স হেণ্ডেলৰ মালিক৷ সেইবাবে আন সামাজিক মাধ্যমক লৈ তেওঁ স্পর্শকাতৰ৷ কিছুদিন পূর্বে তেওঁ কৈছিল, ‘মই হোৱাটছএপক বিশ্বাস নকৰোঁ৷’
এইবাৰ তেওঁ মন্তব্য কৰিছে, ‘ইনষ্টাগ্রাম ছোৱালীবোৰৰ বাবে৷’ সামাজিক মাধ্যমৰ এটা থ্রেডত আলোচনা চলিছিল যে সামাজিক মাধ্যম ব্যৱহাৰৰ অভ্যাসসমূহে কিদৰে মানুহৰ জীৱনৰ বিভিন্ন পর্যায়ক প্রকাশ কৰে৷ নানা আচৰণক লৈ কৌতুক কৰা হৈছিল৷
যেনে– থার্ষ্ট ট্রেপ (যৌন উত্তেজক বা আবেদনময় বিষয়বস্তু) প’ষ্ট কৰা, এটাৰ পিছত এটাকৈ ষ্ট’ৰী আপলোড কৰা অথবা ঘৰতে ৰন্ধা খাদ্যৰ ছবি শ্বেয়াৰ কৰা৷ এই আলোচনাৰ মাজত হঠাৎ প্রৱেশ কৰি এলেন মাস্কে মন্তব্য কৰে ইনষ্টাগ্রাম ছোৱালীবোৰৰ বাবে৷
ডিজিটেল ডেস্ক, ১৭ মে’