নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুদ্রা সংকটৰ মোকাবিলা কৰিবলৈ এক কোটিৰ নোট ছপালে ইৰানে

ডিজিটেল ডেস্ক, ২৩ মার্চ : একে সময়তে আন্তঃৰাষ্ট্রীয় নিষেধাজ্ঞা আৰু তাৰ ওপৰতে যুদ্ধৰ প্রভাৱৰ ফলত কার্যতঃ বিধ্বস্ত হৈ পৰিছে ইৰানৰ অর্থনীতি৷ দেশখনৰ বিহিত মুদ্রা ৰিয়ালৰ দাম ভয়াৱহভাৱে পতিত হৈছে৷ এনে অৱস্থাত মুদ্রা সংকটৰ জোৰা মাৰিবলৈ এক কোটি মূল্যৰ নোট ছপাইছে ইৰানে৷ কথাটি শুনি এনে ধাৰণা হ’ব পাৰে যে এক কোটিৰ নোট মানে একে ঢাপে কোটি কোটি৷ কিন্তু দেশখনৰ কঠিন বাস্তৱতাই তাক নকয়৷

আন্তঃৰাষ্ট্রীয় মুদ্রা বজাৰৰ প্রতিবেদন অনুযায়ী ইৰানৰ এক কোটি ৰিয়ালৰ মূল্য ভাৰতীয় মুদ্রাৰ হিচাপত মাত্র ৬৫০ টকা৷ এই তথ্যই স্পষ্ট কৰি দিয়ে যে খামেনেইৰ দেশৰ মুদ্রাস্ফীতি আৰু মুদ্রাৰ অৱমূল্যায়নে কিমান গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ প্রতিবেদনত কোৱা হৈছে যে ইৰানে এই বিপুল পৰিমাণৰ নোট ছপোৱাৰ মূল কাৰণ হ’ল দেশখনৰ ভয়ংকৰ মুদ্রাস্ফীতি৷ বছৰৰ পিছত বছৰ ধৰি চলি থকা আন্তঃৰাষ্ট্রীয় নিষেধাজ্ঞা আৰু তাৰ পিছতেই ইৰান–ইজৰাইল যুদ্ধই দেশখনৰ বেংকিং ব্যৱস্থাক সম্পূর্ণৰূপে ধ্বংস কৰি পেলাইছে৷

দেশখনৰ মুদ্রা ৰিয়াল ইমানেই দুর্বল হৈ পৰিছে যে সাধাৰণ মানুহক নিত্য প্রয়োজনীয় সামগ্রী ক্রয় কৰিবলৈ বৃহৎ বৃহৎ নোটৰ বাণ্ডিল লৈ বজাৰলৈ যাবলগীয়া হৈছে৷ এই পৰিস্থিতি চম্ভালিবলৈকেই উচ্চ মূল্যৰ নোট ছপোৱাৰ সিদ্ধান্ত লৈছে ইৰানৰ ৰাষ্ট্রীয় বেংকে৷

You might also like