নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দর্শকবিহীন ষ্টেডিয়ামত চলিব পাকিস্তান প্রিমিয়াৰ লীগ, মধ্যপ্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ

ডিজিটেল ডেস্ক, ২৩ মার্চ : আইপিএলত মধ্যপ্রাচ্যৰ যুদ্ধৰ কোনো প্রভাৱ পৰা পৰিলক্ষিত হোৱা নাই যদিও বাৰুকৈয়ে প্রভাৱিত হৈছে পাকিস্তান প্রিমিয়াৰ লীগ৷ ইয়াৰ পৰিপ্রেক্ষিতত ৬খন চহৰৰ পৰিৱর্তে কেৱল দুখন চহৰতে অনুষ্ঠিত হ’ব পিএছএলৰ খেল৷ তদুপৰি, ষ্টেডিয়ামসমূহত নাথাকে কোনো দর্শক৷ খালী ষ্টেডিয়ামতে চলিব পিএছএলৰ খেল৷

লাহোৰ আৰু কৰাচীত মেচ অনুষ্ঠিত হ’লেও থাকিব বহু নিষেধাজ্ঞা৷ যুদ্ধৰ বাবে কৰাচীত হ’বলগীয়া উদ্বোধনী অনুষ্ঠান বাতিল কৰিবলৈ বাধ্য হৈছে পাকিস্তান ক্রিকেট ব’ৰ্ড৷ নিৰাপত্তাৰ কথা বিবেচনা কৰি এই সিদ্ধান্ত লোৱা হৈছে বুলি পাকিস্তান ক্রিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকভিয়ে সদৰী কৰিছে৷

ইফালে, খালী ষ্টেডিয়ামত খেলাৰ বাবে পাকিস্তান ছুপাৰ লীগৰ দলসমূহে যি ক্ষতিৰ সন্মুখীন হ’ব, তাৰ অৱশ্যে ক্ষতিপূৰণ প্রদান কৰিব বুলি কয় অধ্যক্ষগৰাকীয়ে৷ ইফালে, এতিয়ালৈকে যিসকল লোকে টিকট ক্রয় কৰিছে তেওঁলোকৰ টিকটৰ মূল্য ঘূৰাই দিব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে নাকভিয়ে৷ খেলুৱৈৰ পিএছএল ত্যাগ আৰু মধ্যপ্রাচ্যৰ যুদ্ধৰ প্রভাৱে বাৰুকৈয়ে বিপর্যয় মাতিছে পাকিস্তান প্রিমিয়াৰ লীগলৈ৷

You might also like